গুৱাহাটী – এছ আই নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত লোক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হোৱা, আটক হোৱাৰ ঘটনা প্ৰতিদিনেই বাৰিহলৈ আহিছে। কালি নিশা বঙাইগাওঁৰ পৰা আটক হৈছে তিনিগৰাকীকৈ অসম আৰক্ষীৰ কৰ্মচাৰী। বঙাইগাওঁৰ গেৰুকাবাৰী আৰক্ষী থানাৰ পৰা অসম আৰক্ষীৰ বিশেষ শাখাই আটক কৰিছে তিনিগৰাকী আৰক্ষীক।
আটক হোৱা তিনিগৰাকী আৰক্ষীৰ ভিতৰত এগৰাকী উপ পৰিদৰ্শক প্ৰীতম দাস, যিয়ে সংশ্লিষ্ট থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত। উপ পৰিদৰ্শকজনৰ লগতে আন দুগৰাকী কনিষ্টবলকো আৰক্ষীয়ে আটক কৰিছে। অভিযোগ অনুসৰি কালি নিশা বঙাইগাওঁত সামগ্ৰীভৰ্তি ট্ৰাকৰ পৰা ধন দাবী কৰি আছিল আৰক্ষীকেইজনে।
ইফালে, তথ্য অনুসৰি উপ পৰিদৰ্শক প্ৰীতম দাস শেহতীয়া এছ আই কেলেংকাৰীৰ সৈতেও জড়িত আছিল। বিশেষ শাখাৰ তদন্ত অব্যাহত। আনহাতে এই কেলেংকাৰীৰ সৈতে জড়িত ৰুবুল হাজৰিকা এতিয়াও পলাতক অৱস্থাতে আছে।