নিউজ ডেক্স:- নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙ গোটে ভাৰতৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ বিৰতি ঘোষণা কৰিছে । বৃহস্পতিবাৰে সংগঠনটোৰ নতুনকৈ নিৰ্বাচিত হোৱা চেয়াৰমেন নিকি চুমীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিব বাবে ইতিমধ্যে যোগাযোগ কৰাৰ কথা উল্লেখ কৰিছে প্ৰেছবাৰ্তাটোত ।
কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ তথ্যত এন এছ চি এন খাপলাঙৰ এই গোটৱেই আছিল ম্যানমাৰত সক্ৰিয় হৈ থকা ভাৰতীয় নেতা -কেডাৰৰ অন্তিমটো বিদ্ৰোহী গোট ।
এই গোটতো আগবাঢ়ি অহাত নগা শান্তি আলোচনাৰ অধি গতিশীল কৰি তুলিব । ২০০১ চনত এন এছ চি এন খাপলাঙ ফৈদে ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত কৰি শান্তি আলোচনা অব্যাহত ৰাখিছিল যদিও ২০১৫ চনত একপক্ষীয় ভাৱে যুদ্ধ বিৰতি চুক্তি ভংগ কৰে । লগে লগে ২০১৫ চনত মণিপুৰত ভাৰতীয় সেনাৰ কনভয়ৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই প্ৰায় ১৮ সেনাক নিহত কৰিছিল । কিন্তু এন এছ চি এন খাপলাঙ গোটৰ অধ্যক্ষ এছ এছ খাপলাঙৰ মৃত্যু ঘটাৰ পিছতে বিদ্ৰোহী সংগঠনটো নেতৃত্বৰ সংকটৰ মুখামুখি হয় |

যোৱা ১৮ ডিচেম্বৰত ম্যানমাৰ লেছি অমমী গাঁৱৰ শিবিৰত হোৱা সাধাৰণ বৈঠকত বিদ্ৰোহী সংগঠনটোৱে পূৰ্বৰ নগা আৰ্মিৰ সেনাধ্যক্ষ নিকি চুমীক নতুন চেয়াৰমেন নিযুক্তি দিয়াৰ পিছতেই শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহে |
আৰু ইয়াৰ পিছতে কালি তেওঁ নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ ফেক জিলাৰ ডেজিগনেটত কাৰ্যালয় পৰা ভাৰত চৰকাৰৰ শান্তি আলোচনা যোগদান কৰাৰ উদ্দেশ্যে যুদ্ধ বিৰতি কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ইফালে অৰুণাচল প্ৰদেশৰ দুই অইল কৰ্মচাৰী অপহৰণ কাণ্ড কথা অস্বীকাৰ এন এছ চি এন ইশ্বাক -মুইভা গোটে ।