ডবকা – এটি পথক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষ৷ ডবকাত দলবদ্ধ আক্ৰমণ এটা পৰিয়ালক। আক্ৰমণত এটা পৰিয়ালৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত। আহত লোক কেইজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।

হোজাই জিলাৰ ডবকাৰ পশ্চিম জাৰণিত দলবদ্ধ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈছে এটা পৰিয়ালৰ চাৰিজনকৈ লোক। দলবদ্ধ আক্ৰমণৰ বলি হৈ আহত হোৱা চাৰিজন লোক হৈছে ক্ৰমে আজমল আলী, আতিকুৰ ৰহমান, আব্দুল হক আৰু মজিবুৰ ৰহমান। আক্ৰমণত আহত হোৱা চাৰিজনকৈ লোকক গুৰুতৰ অৱস্থাত ডবকা চিকিৎসালয় ভৰ্তি কৰা হয় যদিও সকলোকে সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷

এটি পথক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘাতত আব্দুল ওৱাহিদ, আব্দুল ৰৱ, আবুল জব্বাৰ, আমিনুল ইছলাম, আব্দুল ওহাদ, ইমৰাণ আলী, লুৎফুৰ ৰহমান, ছইদুৰ ৰহমান আৰু খলিলুৰ ৰহমান নামৰ লোক কেইজনে আহত লোক সকলক আক্ৰমণ চলায়।

ইতিমধ্যে আক্ৰমণকাৰী লোক সকলৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে ডবকা থানাত গোচৰ ৰুজু কৰিছে৷ ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply