মানকাচৰ – পানী প্ৰাণীৰ প্ৰাণ। পানী নহ’লে কোনো জীৱ জন্তু জীয়াই থকা সম্ভৱ নহয়। চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে কোটি কোটি টকা খৰচ কৰিছে ঠিকেই কিন্তু এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা গাঁৱৰ ৰাইজ।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী ২০-২৫ খন গাঁৱত আজিও মানুহ আদিম যুগৰ দৰে পাহাৰৰ নিজৰা আৰু মাটিত গাত খান্ধি পানী সংগ্ৰহ কৰি আহিছে। বিশেষকৈ মানকাচৰৰ ৰামভোলা, জেৱালী, চাটিভূঁই, পানকাটা, বানশালী, টেপৰপাৰা, ঝনজনী গাঁৱৰ লগতে তেলঢালা গাঁৱত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে। অসমৰ চৰকাৰৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে জিলাখনত লাখ লাখ টকা খৰচ কৰি প্ৰায় ৪০ টাতকৈও অধিক বিশুদ্ধ খোৱা পানী আঁচনি নিৰ্মাণ কৰা হৈছে।
অতিকৈ পৰিতাপৰ বিষয় এয়া যে জিলাখনত এখনো আঁচনিৰ পৰা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী আজিলৈ লাভ নকৰাৰ বিপৰীতে ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে নৈ, নিজৰা আৰু মাটিত গাত খান্ধি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। চৰকাৰ আহে চৰকাৰ যায়, নতুন নতুন নেতাৰ জন্ম হয়, নিৰ্বাচন আহিলে সকলোৰে এটাই প্ৰতিশ্ৰুতি। অসম-মেঘালয় সীমান্তবৰ্তী গাঁও সমূহত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি এই সকল লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে ৰাজনৈতিক দলৰ নেতা সকলে কিন্তু নিৰ্বাচন পাৰ হ’লে এই সকল সীমান্তবৰ্তী এলেকাত পানীৰ ব্যৱস্থা কৰি দিয়াতো দুৰৰে কথা এই সকল লোকৰ খবৰ এটা ল’বলৈ ৰাজনৈতিক দলৰ নেতা সকল নাহে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
যাৰ ফলৰ ৰাইজ আদিম যুগৰ দৰে দেশ স্বাধীনৰ পিছতো মাটিত গাত খান্ধি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। পাহাৰীয়া অঞ্চলত বসবাস কৰাৰ বাবে এই সকল লোক নিজস্বভাৱে দমকল বা নাদ বহুৱাব নোৱাৰে ফলত ঘৰৰ পৰা দুই তিনি কিলোমিটাৰ পর্যন্ত পাহাৰ, হাবি খোজকাঢ়ি গৈ পানী সংগ্ৰহ কৰি দৈনিন্দন প্ৰয়োজনীয় পানীৰ লগতে খোৱা পানী সংগ্ৰহ কৰে। মন কৰিবলগীয়া বিষয় এয়া যে খৰাং বতৰত ৰাইজে গাত খান্ধি পানী সংগ্ৰহ কৰিবলৈ সক্ষম হয় যদিও বাৰিষাৰ দিনত পানী বেছি হোৱাৰ বাবে বিশুদ্ধ খোৱা পানীৰ অভাৱ হয় এই সকল লোকৰ। ফলত বৰষুণৰ পানী ঘৰৰ চালৰ পৰা সংগ্ৰহ কৰি খোৱা পানীৰ ব্যৱস্থা কৰে এই সকল লোক।