কামপুৰ- উত্তৰাখণ্ডত দেওবাৰে হোৱা জলপ্ৰলয়ৰ ঘটনাত নিখোজ হোৱা অসমৰ দুই যুৱক এতিয়াও সন্ধানহীন হৈ আছে ৷ নগাঁও জিলাৰ কামপুৰ উত্তৰ চাংচকীৰ একে ঘৰৰে আছিল যুৱক দুজন ৷ ঘটনাৰ সময়ত কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কমল দাস নামৰ যুবক দুজন ৷ পৰিয়ালৰ লোকক প্ৰকল্পস্থলীৰ পৰা ফোনযোগে দেওবাৰে অবগত কৰাৰ পিছত এতিয়ালৈকে পৰিয়ালৰ লোকে একো তথ্য নোপোৱাত ভাঙি পৰিছে পৰিয়ালটো। অসম চৰকাৰক এই বিষয়ে পৰিয়ালটোৱে সহায় কৰিবৰ বাবে আহ্বান জনাইছে। ঘটনাস্থলীৰ পৰা চুপাৰভাইজাৰ জনে এবাৰ জনোৱাৰ পিছত তেওৰ সৈতেও যোগাযোগৰ চেষ্টা চলাই আছে যুবক দুজনৰ সম্পৰ্কে একো খবৰ এতিয়ালৈকে পোৱা নাই।
এতিয়ালৈকে এনডিআৰএফ, এছ ডি আৰ এফ আৰু আইটিবিপে উদ্ধাৰ অভিযান চলাই আছে। বৰ্তমানলৈকে ১৯টাকৈ মৃতদেহ উদ্ধাৰ কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।
Relief & rescue work underway in #Uttarakhand. SDRF deployed teams in Joshimath, @NDRFHQ moved teams from Haridwar to affected areas. @IAF_MCC deployed Choppers for rescue operations.@ndmaindia @PIB_India@ITBP_official @tsrawatbjp pic.twitter.com/kFUfR0yZaY
— PIB in Uttarakhand (@PIBDehradun) February 8, 2021