অসম বিধানসভাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেক্স:- অসম চৰকাৰে বছৰটোৰ সামৰণিত এন এইচ এম আৰু সর্বশিক্ষাত কর্মৰত কর্মচাৰীসকলৰ বাবে ভাল খবৰ লৈ আহিছে | এতিয়াৰে পৰা ১০ বছৰ চাকৰিকাল সম্পূর্ণ কৰা সকলে ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা লাভ কৰিব। ইয়াৰ লগতে নিয়মীয়া চৰকাৰী কর্মচাৰীৰ দৰে নৈমিত্তিক ছুটী, আর্জিত ছুটী, প্রসৱকালীন ছুটীকে ধৰি সকলো ছুটী লাভ কৰিব এইসকল কৰ্মচাৰীয়ে |

বিধানসভাৰ শীতকালীন অধিবেশনত এই কথা জনাই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই |’বৰ্তমান সময়ত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত মুঠ ১,৮৯৩জন ঠিকাভিত্তিক কর্মচাৰী আছে৷ তদুপৰি ৮৩জন কর্মচাৰী অস্থায়ীভাৱে কর্মৰত৷ অভিযান সঞ্চালক, কার্যবাহী সঞ্চালক আৰু বিত্ত সঞ্চালক পদৰ বাহিৰে সকলো কর্মচাৰীয়েই অস্থায়ী৷ অস্থায়ী কর্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰে এতিয়ালৈকে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই |’

ইয়াৰ মাজতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চৰকাৰী কর্মচাৰীসকলে লাভ কৰা সা–সুবিধা যেনে– আর্জিত ছুটী, নৈমিত্তিক ছুটী, প্রসৱকালীন ছুটী ইত্যাদি যিসকল ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ

কর্মচাৰীৰ ১০ বছৰ কার্যকাল ইতিমধ্যে সম্পূর্ণ হৈছে, তেওঁলোকৰ পাৰদর্শিতা মূল্যাংকনৰ ভিত্তিত কার্যকাল ৬০ বছৰ বয়স পর্যন্ত নিশ্চিতকৰণৰ প্রস্তাৱ ৰাজ্যিক কেবিনেটে গ্রহণ কৰিছে৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত কয়,

‘কোনো কাৰণত এনএইচএম বন্ধ হৈ গ’লেও সেইসকল কর্মচাৰীৰ দা–দৰমহাৰ দায়িত্ব চৰকাৰে ল’ব | এই সম্পর্কত অহা ১০–১৫ দিনৰ ভিতৰত আনুষ্ঠানিক জাননী প্রকাশ পাব৷’  আনহাতে একেই ব্যবস্থা গ্ৰহণ কৰিছে সর্বশিক্ষাৰ কর্মচাৰীৰ ক্ষেত্রতো ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply