নিউজ ডেস্ক: এপিএছচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰিলে ৰাজীৱ কুমাৰ বৰাই। মঙলবাৰে নৱনিযুক্ত অধ্যক্ষ হিচাপে ৰাজীৱ কুমাৰ বৰাই শপত গ্ৰহণ কৰে। ৰাজ্যপাল জগদীশ মুখীয়ে নৱনিযুক্ত অধ্যক্ষ গৰাকীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। ৰাজভৱনৰ দৰবাৰত হলত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। সংবিধানৰ ৩১৬ অনুচ্ছেদ আৰু এপিএছচিৰ সংশোধিত বিধিৰ (৪)(v)ৰ অধীনত বৰাক নিযুক্তি প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ৰাজীৱ কুমাৰ বৰা হৈছে ১৯৮৫ৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক বিষয়া। এপিএছচি সংস্কাৰৰ লক্ষ্যৰে নিযুক্তি লাভ কৰা বৰা প্ৰাক্তন অধ্যক্ষ পল্লৱ কুমাৰ ভট্টাচাৰ্যৰ স্থলাভিষিক্ত হ’ব। ১৬ জানুৱাৰীত অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল পল্লৱ ভট্টাচাৰ্যই | বৰ্তমান এপিএছচিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে ডঃ অজন্তা নাথ।