গুৱাহাটী – সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধেমাজি জিলাৰ চিলাপথাৰত উপস্থিত হৈ তিনিটাকৈ বৃহৎ উদ্যোগ ৰাষ্ট্ৰৰ নামত উৎসগা কৰি ভাষণ প্ৰদান কৰে। চিলাপথাৰত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি থকা সময়তে ৰাজ্যজুৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছু কৰ্মীয়ে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে আছু কর্মী সকলে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ (মহানগৰ) জিলা আছুৰ শতাধিক কর্মী দীঘলীপুখুৰীৰ পাৰত একত্ৰিত হৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা, ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে কেইবাটাও দাবীত আছু কর্মী সকলে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰক, বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বিজেপিৰ কাম নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টা সময় ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আছু কর্মী সকলে সমস্যা সমাধনা নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে।