নিউজ ডেক্স: এমাজনে ভাৰতত পোন প্ৰথমবাৰৰ বাবে প্ৰাইম ভিডিঅ’ ম’বাইল এডিশ্যন মুকলি কৰিছে। এই প্ৰাইম ভিডিঅ’যোগে গ্ৰাহকে মোবাইল স্ক্ৰীণত এছডি কোৱালিটিৰ মনোৰঞ্জনৰ সকলো ধৰণৰ ভিডিঅ’ উপভোগ কৰিব পাৰিব।
ভাৰতী এয়াৰটেলৰ সহযোগত এমাজনে আৰম্ভ কৰা এই প্ৰাইম ভিডিঅ’ মোবাইল এডিশ্যন প্লেন ভাৰতত ৮৯ টকাৰে আৰম্ভ কৰা হৈছে।
প্ৰি-পেইড পেক থকা সকলো এয়াৰটেল গ্ৰাহকে তেওঁলোকৰ ম‘বাইল নম্বৰ ব্যৱহাৰ কৰি এয়াৰটেল থেংকিউ এপৰ পৰা এমাজনেৰে সংযোগ কৰি ৩০ দিনৰ বিনামূলীয়া পৰীক্ষণ প্লেন লাভ কৰিব।
৩০ দিনৰ বিনামূলীয়া পৰীক্ষণৰ প্লেনৰ পিছত এয়াৰটেলৰ গ্ৰাহকসকলে ৮৯ টকাৰ আৰম্ভণি অফাৰেৰে প্ৰী-পেইড ৰিচাৰ্জৰ যোগেৰে প্ৰাইম ভিডিঅ‘মোবাইল সংস্কৰণ উপভোগ কৰিব পাৰিব।
প্ৰাইম ভিডিঅ’ত গ্ৰাহকে সহ্স্ৰাধিক চিনেমাৰ লগতে টিভিৰ অনুষ্ঠানো উপভোগ কৰিব পাৰিব।