গোৱালপাৰা – এইখন অসমত ৰাজনৈতিকভাৱে আটাইতকৈ বিষাক্ত ব্যক্তি হৈছে হিমন্ত বিশ্ব শর্মা৷ তেওঁ সাম্প্রদায়িক ৰাজনীতি কৰি অসমখনত বিষবাষ্প বিয়পাব খুজিছে৷ ২০২১ চনৰ নির্বাচনত অসম জাতীয় পৰিষদ(এ জে পি) ক্ষমতালৈ আহিলে জে’লৰ ভাত খাব লাগিব হিমন্ত বিশ্ব শর্মাই৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ ৰাজ্যিক মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনৰ৷
দলটোৰ গোৱালপাৰা জিলাৰ আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ সম্পর্কে গোৱালপাৰাত আয়োজিত এক সভাত অদীপ কুমাৰ ফুকন উপস্থিত থাকি শিলচৰত পাকিস্তান জিন্দাবাদ প্রসংগত কয় যে হিমন্ত বিশ্ব শর্মাই ভুল তথ্যৰে ঘটনাটোক সাম্প্রদায়িক ৰহণ সানি সমাজখনক ধর্মৰ নামত ভাগ ভাগ কৰি বিষবাষ্প বিয়পাব বিচাৰিছে৷
শিলচৰত যদি পাকিস্তান জিন্দাবাদ ধবনি দিয়া হৈছিল তেন্তে চৰকাৰ প্রশাসনে এতিয়াও কিয় এজন লোককো গ্রেপ্তাৰ কৰা নাই৷ বৰং এই মিছা ঘটনাটোক এজন দায়িত্বশীল মন্ত্রীয়ে ৰহণ সানি প্রচাৰ কৰাৰ অপৰাধত তেওঁৰ ওপৰতে চৰকাৰে ব্যৱস্থা ল’ব লাগে৷ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজখন ধবংস কৰিব বিচাৰিছে৷
অসমৰ ৰাজনৈতিক ক্ষেত্রখনৰ আটাইতকৈ বিষাক্ত ব্যক্তি হিমন্ত বিশ্ব শর্মাৰ যিকোনো মন্তব্য বা বক্তব্য অসমৰ জনগণে গুৰুত্ব দিয়া উচিত নহয়৷