বঙাইগাঁও – শনিবাৰে দুপৰীয়া ১২ বজাত বঙাইগাঁও প্ৰেচ ক্লাৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ মহিদুল গোটৰ সংবাদমেল। শেষতীয়াকৈ বিটিচিত জনজাতী আৱেষ্ঠনিত উচ্ছেদৰ বিষয়লৈ যি জাননী প্ৰকাশ হৈছে সেই বিষয়ে ছাত্ৰ সংগঠনটোৱে প্ৰতিক্ৰীয়া প্ৰকাশ কৰে। এবিএমছুৰ সভাপতি মহিদুল ইচলামে কয় যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ পুৰ্বেই আমি প্ৰমোদ বড়োৰ সৈতে কিছু বিষয়ে আলোচনা কৰিছিলো। তাৰ মাজতে উচ্ছেদৰ বিষয়টোৱো আছিল।
প্ৰমোদ বড়োই পুৰ্বৰে পৰা প্ৰতিশ্ৰুতি দিছিল যে কোনো ধৰণৰ উচ্ছেদ নহয় বুলি। শেষতীয়াকৈ যি জাননী প্ৰকাশ হৈছে সেই বিষয়ে যোৱা ২৮ জানুৱাৰীত আকৌ ছাত্ৰ সংগঠনটোৰ এক সজাতি দলে বিটিচিৰ মুখ্য প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনাৰ আকৌ প্ৰমোদ বড়োয়ে কোনো ধৰণৰ উচ্ছেদ নহয় বৰঞ্চ ভূমিপট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি উল্লেখ এবিএমছুৰ সভাপতি মহিদুল ইচলামে।
এবিএমছুৰ সভাপতি মহিদুল ইচলামে আৰু কয় যে প্ৰমোদ বড়োৰ লগত হোৱা আলোচনাত কেইবাটাও বিষয়ে স্থান পাইছিল যদিও তাৰ মাজতে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত লাফিকুল ইচলামৰ নামত শান্তি গৱেশনা কেন্দ্ৰ স্থাপনৰ কাম চলি আছে। মুঠতে কোনো ৰাজনৈতিক ষড়যন্ত্ৰ বলি হ’ব নালাগে বুলি ৰাইজক আহ্বান জনাই এবিএমছুৰ সভাপতি মহিদুল ইচলামে কয় যে এবিএমছু থকালৈ বিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয়।
বিটিচিবাসীৰ বাবে এবিএমছু সদায় মাত মাতি আছে। গতিকে এবিএমছুৰ প্ৰতি আস্থা ৰাখি ৰাইজক শংকিত নহ’বলৈ এবিএমছুৰ সভাপতি মহিদুল ইচলামে আহ্বান জনায়। সংবাদ মেলত এবিএমছুৰ সাধাৰণ সম্পাদক আবু জুবায়েৰ মণ্ডলসহ কেবাজনো নেতা-কৰ্মি উপস্থিত থাকে।