বঙাইগাঁও – ঐতিহাসিক তামৰঙা বিলৰ বজাৰত ভোগালী মাছ বিচাৰি ৰাইজৰ ভিৰ। ভোগালীৰ উৰুকাৰ বাবে বঙাইগাঁওৰ ঐতিহাসিক তামৰঙা বিলৰ বজাৰত ভিৰ। বিভিন্ন ঠাইৰ পৰা মাছ কিনিবলৈ অহা ৰাইজৰ হেতা ওপৰা।
বুধবাৰে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু তথা মাঘ বিহুৰ উৰুকা। পুহ আৰু মাঘৰ মকৰ সংক্ৰান্তিত পালন কৰা হয় মাঘৰ বিহু৷ বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিলত মাছৰ উজান উঠিছে৷ সমগ্ৰ অসমত তামৰঙা বিলৰ মাছ বিখ্যাত, এই বিলৰ মাছৰ সোৱাদেই সুকীয়া৷
তামৰঙা বিলৰ মাছ বিচাৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা গ্ৰাহক আহে ইয়ালৈ। তামৰঙা বিলৰ পৰা গুৱাহাটী, চিলং আদি বিভিন্ন ঠাইলৈ মাছ চালান দিয়া হয় উৰুকাত৷ এইবাৰো উৰুকা উপলক্ষ্য তামৰঙা বিল মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে৷
বুধবাৰে অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুৰ উৰুকা। উৰুকাৰ ৰাতি মাছে-মহঙে এসাজ খোৱাৰ উদ্দেশ্যৰে তামৰঙা বিলৰ পাৰত নিজ পছন্দৰ মাছ বিচাৰি দেখা গ’ল ৰাইজৰ ব্যাপক ভিৰ। ৰৌ, চিতল, ভকুৱা, গ্লাচকাপ, আৰি আদি বিভিন্ন ধৰণৰ মাছ সন্ধানত বিলৰ পাৰত গ্ৰাহকৰ লগতে বেপাৰী সকলৰ ভিৰ।
গ্ৰাহক সকলে উৰুকাৰ নিশাৰ সাজৰ বাবে মাছেৰে এসাজ খোৱাৰ মানসেৰে ক্ৰয় কৰিছে পছন্দৰ ডাঙৰ মাছ। বেপাৰী সকলেও বিলৰ পাৰত ৰৌ, বৰালি, আৰি, ভকুৱা ক্ৰয় কৰিছে অন্যান্য বজাৰ সমূহত বিক্ৰীৰ বাবে কৰিছে ভিৰ।