নগাওঁ- অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক ইউ জি চিয়ে অট’নমাছ কলেজৰ স্বীকৃতি প্ৰদান কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰথমখন মহাবিদ্যালয় হিচাপে নগাঁও মহাবিদ্যালয়ে এই স্বীকৃতি লাভ কৰে। ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাট জে বি কলেজ আৰু লক্ষীমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে এই স্বীকৃতি দিছে ।
যোৱা ৬ ডিচেম্বৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনৰ এটি সঁজাতী দলে নগাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ পিছত মঙলবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে নগাঁও মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰে।
এই সুবিধা লাভ কৰাৰ ফলত এতিয়াৰে পৰা নগাঁও মহাবিদ্যালয়ে নিজাকৈ পৰীক্ষা অনুস্থিত কৰিব পাৰিব। নিজাকৈ প্ৰশ্নকাকত প্ৰস্তুত কৰিব পাৰিব। লগতে বিশ্ববিদ্যালয়ৰ দৰে নিজাকৈ বিভিন্ন পাঠ্যক্ৰম প্ৰযোজ্য কৰিব পাৰিব আৰু এমফিল পৰ্যায়লৈকে নগাঁও কলেজত শিক্ষাগ্ৰহণ কৰিব পৰা যাব।
এই খবৰ লাভ কৰাৰ পাছত উৎফুল্লিত হৈ পৰে মহাবিদ্য়ালয়খনৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমূহ কৰ্মচাৰী।