গুৱাহাটী – অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ দিশত এক যুগান্তকাৰী নজিৰ সৃষ্টি কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে ডিজিটেল ব্যবস্থাৰে একেদিনাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৪ খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ শুভ উদ্ধোধন কৰে। অসম চৰকাৰৰ দক্ষতা উন্নয়ন, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ অধীনত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়ােজিত এক অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু এয়াৰপৰ্টছ অথৰিটী অব ইণ্ডিয়া কার্গো লজিষ্টিকছ এণ্ড এলাইড ছাভিচেজ কোম্পানী লিমিটেড (আইক্লাছ)ৰ মাজত চেণ্টাৰ ফৰ পেৰিচেবল কার্গো সম্বন্ধীয় এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে ৰাজ্য চৰকাৰে ২৪ খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান উচৰ্গা কৰিছে। এতিয়া আৰু পাছলৈ চোৱাৰ সময় নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নতুন প্রজন্মৰ দক্ষতা বৃদ্ধিৰ বাবে বিগত দিনসমূহত ৰাজ্যখনত গঢ়ি তােলা আন্তঃগাঁথনিসমূহে তেওঁলােকৰ সন্মুখত অপাৰ সুযােগ আৰু সম্ভাৱনা আনি দিছে। সঠিক কর্ম, চিন্তা আৰু পৰিকল্পনাৰে এই সুযােগৰ সদব্যৱহাৰ কৰি প্ৰতিটো কর্মক্ষেত্রতে নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিবৰ বাবে ৰাজ্যখনৰ যুৱ প্ৰজন্মই নিজকে দক্ষ কৰি তুলিব লাগিব।
বিগত চাৰে চাৰিটা বছৰৰ প্ৰতিটো মূহুর্ত ৰাজ্যখনৰ সর্বাংগীন বিকাশৰ বাবে নিষ্ঠাৰে কাম কৰি মানুহৰ মাজত উৎসাহৰ ভাৱনা সৃষ্টিৰ যি লক্ষ্য ৰাজ্য চৰকাৰে হাতত লৈছিল তাৰ ফলশ্রুতিতেই ৰাজ্যবাসীৰ মাজত নতুন উদ্যমৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উঠি অহা প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে আমি সকলােৱে মিলিত প্রচেষ্টাৰে আগবাঢ়িব লাগিব। এখন সমাজ সুচাৰুৰূপে পৰিচালনাৰ বাবে প্রতিটা ক্ষেতে দক্ষ মানহৰ প্রয়ােজন হয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রতিটো কামৰে সম-মর্যাদা আৰু সন্মান আছে। কামৰ কোনাে সৰু-বৰ নাই, প্রতিটো কামৰ যােগেদি মানুহে আনন্দ বুটলিব পাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনৰ পৰা ৰাজমিস্ত্রি এগৰাকী অথবা পাঁচলি বিক্রেটা এজনলৈকে সকলােৰে সম-গুৰুত্ব আৰু মর্যাদা আছে। দেখি শিকাতকৈ থেকি শিকা সদায় উত্তম বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কভিড-১৯ ৰ সংকটে মানৱ জাতিক দুর্যোগৰ মাজতাে কেনেদৰে আত্মপ্রত্যয়ৰে জীয়াই থাকিব পাৰি তাৰ শিক্ষা প্রদান কৰিলে।
ভাৰতবৰ্ষক এখন যুৱ প্রধান দেশ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যিখন ৰাষ্ট্ৰৰ ডেকা শক্তি সংখ্যা বেছি সেইখন ৰাষ্ট্ৰই আটাইতকৈ শক্তিশালী। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সদায় যুৱ শক্তিৰদ্বাৰা নিয়ন্ত্রিত বিকাশত গুৰুত্ব প্রদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰীৰ প্রতিটো গুৰুত্বপূৰ্ণ আঁচনিৰ মুল লক্ষ্যই হৈছে যুৱ শক্তিৰ উত্তৰণ। একে আদৰ্শৰে অসম চৰকাৰেও আৰম্ভণিৰে পৰা বিভিন্ন ন ন শিক্ষানুষ্ঠান আৰু কাৰিকৰী প্রতিষ্ঠান গঢ়ি তােলাৰ মাধ্যমেৰে অসমৰ যুৱ সমাজৰ সৱলীকৰণৰ বাবে নিষ্ঠাৰে পদক্ষেপ গ্রহণ কৰি আহিছে। নিজৰ ব্যক্তিত্বত নিহিত হৈ থকা অপাৰ শক্তিক উজ্জীৱিত কৰিবৰ বাবে আমি চেতনা আৰু সময় জ্ঞানৰ ঔষধ নিজৰ ওপৰত প্ৰয়ােগ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে উঠি অহা প্ৰজন্মক সৱল ৰূপত গঢ় দিয়াৰ বাবে আমি এগৰাকী কাৰুশিল্পীৰ দৰে শৈল্পিক দৃষ্টিভংগীৰে কাম কৰিব লাগিব। কভিড়-১৯ ৰ লকডাউনৰ মাজতাে ৰাজ্যৰ দক্ষতা উন্নয়ন আৰু উদ্যমিতা বিভাগে অশেষ কষ্টৰে দীর্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা বহু কেইখন আই টি আই পুননির্মাণ কৰি একেটা দিনতে ২৪ খনকৈ আই টি আই যুৱ প্ৰজন্মৰ বাবে উচৰ্গা কৰিব পাৰিছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী প্ৰমুখ্যে সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ প্রদান কৰি দক্ষতা উন্নয়ন, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে কয় যে স্বাধীনতাৰ পিছৰ ৭০ টা বছৰত ৰাজ্যখনত ৩২ খন আই টি আই থকাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৩৮ খনকৈ আই টি আই নির্মাণ কৰা হৈছে। ইয়াৰে ২৪ খন আজি একেলগে উদ্ধোধন কৰাৰ লগতে আন ১৪ খন অচিৰেই সাজু হৈ উঠিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে দায়িত্বভাৰ লৈয়ে ৰাজ্যত দক্ষতা উন্নয়ন বিভাগ খুলি যুৱ শক্তিৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ ফলত আজি দেশৰ প্ৰধানমন্ত্রীয়ে কোৱাৰ দৰেই আমাৰ ৰাজ্যখন এ ফ’ৰ আছমৰ দিশলৈ ধাৱমান হৈছে। এই দিশত আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপে অসমক অচিৰেই দেশৰ আটাইতকৈ আকর্ষণীয় বিনিয়ােগস্থলী আৰু ৰপ্তানি কেন্দ্র হিচাপে পৰিগণিত কৰিব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৪ টা স্থানত থকা আই টি আই সমূহৰ চৌহদত উপস্থিত থকা স্থানীয় বিধায়কসকল আৰু ৰাইজৰ সৈতেও ভাচুৱেল মাধ্যমৰ জৰিয়তে মতবিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকীও ছাত্র-ছাত্রী আৰু নির্দেশকৰ সৈতেও বার্তালাপত মিলিত হয়। অসম চৰকাৰৰ দক্ষতা উন্নয়ন, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, নিগমৰ পৰিচালন সঞ্চালক আদিল খানৰ লগতে বিভাগটোৰ জ্যেষ্ঠ বিষয়ববীয়াসকল, ভাৰতীয় বিমানকোঠ প্রাধিকৰণৰ বিষয়াসকল, আই টি আইসমূহৰ নিদের্শকসকল আৰু বহুসংখ্যক ছাত্র-ছাত্রী উপস্থিত থাকে।