নিউড ডেস্ক: এফালে মিত্ৰজোঁটৰ অংক আনফালে দলীয় প্ৰাৰ্থিত্ব দাবীদাৰ কংগ্ৰেছীৰ সংখ্যা বৃদ্ধিয়ে বিপাঙত পেলাইছে কংগ্ৰেছক | দলীয় সুত্ৰই প্ৰকাশ কৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ১২৪ টা সমষ্টিত কংগ্ৰেছৰ ৬৬৫ জনে কৰিছে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। কংগ্ৰেছৰ হৈ গুদালগুৰি আৰু কোকৰাঝাৰ (পূব) ত কোনো ব্যক্তিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা নাই।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে বহু কেইজন পিতাপুত্ৰ আৰু ভাই-ককায়ে আবেদন কৰিছে | একেখন আসনৰ বাবে প্ৰাৰ্থিত্ব বিচৰা পিতা-পুত্ৰ যুটী হ’ল
ডাঃ নজৰুল ইছলাম আৰু তেওঁৰ পুত্ৰ ডাঃ আছিফ মহম্মদ নহৰুল | দুয়ো লাহৰিঘাট সমষ্টিৰ বাবে আবেদন কৰিছে | পুত্ৰ ডাঃ আছিফ মহম্মদ নহৰুলে জনোৱা মতে যদি তেওক প্ৰাৰ্থিত্ব লাভ কৰে তেতিয়া হলে দেউতাকৰ আৰ্শীবাদ লৈ নিৰ্বাচনী যুঁজত নামিব | দেউতাক প্ৰাক্তণ মন্ত্ৰী নজৰুল ইছলামৰ মতে পাঁচবাৰকৈ বিধায়ক হোৱা তেও এইবাৰো প্ৰাৰ্থিত্ব পাব | এ আই ইউ ডি এফৰ সৈতে হোৱা মিত্ৰতা সন্দৰ্ভত তেও কয়, দুয়োদলৰ বিধায়কসকলেই নিজ নিজ সমষ্টিত প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে বুজাবুজি হৈ গৈছে |
আনটো পিতাপুত্ৰৰ যুটী হ’ল প্ৰাক্তণ মন্ত্ৰী অকন বৰা আৰু পুত্ৰ মানব বৰা | পিতৃয়ে দিছপুৰ সমষ্টিত আৰু পুত্ৰই হাজো সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিছে | অসম বিধান সভাৰ প্ৰাক্তণ অধ্যক্ষ প্ৰণব কুমাৰ গগৈৰ দুই পুত্ৰ মঞ্জিল গগৈ আৰু প্ৰমিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে |

ইয়াৰ উপৰিও বৰপেটা(সদৰত) ২৪জন, ভৱানীপুৰত ১৭জন, অভয়াপুৰীত ১৫ জন, গোৱালপাৰা(পূবত)১৪ জন, গোলাঘাটত ১৩ জনে প্ৰাৰ্থিত্বৰ বাবে আৱেদন কৰিছে। ১৩ টা সমষ্টিত এজনকৈ প্ৰাৰ্থীয়ে কৰিছে আবেদন।
এইবাৰৰ আবেদনকাৰী সকলৰ ৬০ শতাংশ যুৱ শক্তি ইয়াৰে ১০ শতাংশ মহিলা। আবেদন কৰা সকলৰ ভিতৰত অধিকাংশই স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীধাৰী ব্যক্তি বুলি উল্লেখ কৰিছে। ইয়াৰ ভিতৰত আছে খুমটাই, যোৰহাট, আমগুৰি, মৰিয়নী, গহপুৰ, নাজিৰা, চামগুৰি, উদাৰবন্দ, হাফলং,পানেৰী, চিদলী, চাপাগুৰি। প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি
তিতাবৰত চাৰিগৰাকীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। ইয়াৰ ভিতৰত তৰুণ গগৈৰ ভাই বোৱাৰীয়েক প্ৰাক্তন সাংসদ দ্বীপ গগৈৰ পত্নী মিতালী গগৈৰ উপৰি বৰ্ণালী শইকীয়া বৰুৱা, প্ৰাণ কুৰ্মী আৰু ভাস্কৰ জ্যোতি বৰুৱা আছে।
আনহাতে, মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ঘনকান্ত মিলি আৰু ৰাজীৱ লোচন পেগুৱে বিচাৰিছে প্ৰাৰ্থিত্ব। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত দলৰ কামৰূপ জিলাৰ কাৰ্যকৰী সভাপতি জীয়াউৰ ৰহমান চহৰীয়া আৰু আজিজুৰ ৰহমানে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে। টিংখাং সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দীৰ্ঘকালৰ বিশেষ কৰ্তব্যৰত বিষয়া বিপুল গগৈ আৰু এটোৱা মুণ্ডাই কৰিছে টিকটৰ বাবে আবেদন।
বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা সাংসদ গৌৰৱ গগৈয়ে কোনো এটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা নাই।