কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিলে অজন্তা নেওগক

গুৱাহাটী:- অবশেষত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে |দলবিৰোধী কাৰ্যকলাপৰ বাবে তাৎক্ষণিকভাৱে বহিস্কাৰ কৰা হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকীক।

উল্লেখ্য যে দলৰ ফালৰ পৰা বৃহস্পতিবাৰে কাৰণ দৰ্শোৱা জাননী দি শুকুৰবাৰৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছিল যদিও কোনো উত্তৰ নিদিলে অজন্তা নেওগে।

কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীক লগ ধৰা বিষয়টো লৈ বিজেপিলৈ যাব বুলি চৰ্চা চলি আছিল যদিও কোনো উত্তৰ দিয়াৰ পৰা বিৰত আছিল নেত্ৰী গৰাকী |

দলে বহিষ্কাৰ কৰাৰ পিছতেই বিধায়ক পদ ত্যাগ কৰিলে অজন্তা নেওগে ৷ লগতে এৰিলে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদো৷

মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ সময়ত উপস্থিত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় , “অজন্তা নেওগে গোলাঘাটত ৰাজ্য চৰকাৰৰ প্ৰস্তাবিত সতী সাধনী বিশ্ববিদ্যালয় সম্পৰ্কে আলোচনা কৰিছিল | কোনো ধৰনৰ বিজেপিত যোগদান কৰাৰ সম্পৰ্কে আলোচনা হোৱা নাছিল | এনে অৱস্থাত কংগ্ৰেছৰ বহিষ্কাৰৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক |” মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জনাই কয় , “অজন্তা নেওগে এতিয়াও বিজেপিত যোগদানৰ বাবে আবেদন কৰা নাই | এতিয়া তেওৰ ফালৰ পৰা প্ৰস্তাব আহিলে দলে বিবেচনা কৰিব পাৰে |”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply