গুৱাহাটী – শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি কৈ শেহতীয়াকৈ চৰ্চাত থকা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক দলৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি দাবী জনাইছে দলটোৰে আন এগৰাকী বিধায়কে। শেহতীয়াকৈ এই বিষয়টোক লৈ সমগ্ৰ ৰাজ্যতে চৰ্চা চলি থকাৰ সময়তে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই দাবী উত্থাপন কৰিছে।
কুৰ্মীয়ে আজি কয়, “শ্বেৰমান আলীক দলৰ পৰা বহিস্কাৰ কৰিব লাগে। তেওঁৰ ব্যক্তিগত বিবৃতি দি এয়া এক গুৰুতৰ ভুল কৰিছে। তাৰ বাবে তেওঁ শাস্তি পাব লাগে। দলে তেওঁক দলৰ পৰা বহিস্কাৰ কৰিব লাগে অথবা নিৰ্বাচনত টিকট দিব নালাগে।”
উল্লেখ্য যে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক মিঞাঁ মিউজিয়াম স্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই বিতৰ্কিত মন্তব্যই শেহতীয়াকৈ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে আৰু ইয়াকে লৈ বিজেপিৰ লগতে বহু দল সংগঠনে কংগ্ৰেছ তথা বিধায়কগৰাকীক তীব্ৰ সমালোচনা কৰিছে।