বজালী – আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া প্ৰচেষ্টাৰ নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ কংগ্ৰেছৰ মহাজোঁটত নাথাকে বুলি স্পষ্ট কৰি দিছে দলটোৰ অন্যতম জ্যেষ্ঠ নেতা অদীপ কুমাৰ ফুকনে। তেওঁ কয়, ‘অসমত ৬৫ শতাংশ আৰু ৩৫ শতাংশ ভোটাৰৰ যুদ্ধৰে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে বিজেপিয়ে।’
কালি বৰপেটাত এক ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে ৬৫ শতাংশ হিন্দু আৰু ৩৫ শতাংশ মুছলমানৰ ভোটাৰৰ যুদ্ধৰে বিজেপিয়ে নিৰ্বাচনী যুঁজত জয়ী হ’ব বিচাৰিছে। তেওঁ লগতে কয় যে অসমীয়াৰ মাজত বিভাজন কৰাৰ বাবে চৰকাৰখনে ষড়যন্ত্ৰ চলাই আছে। বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে দৰিদ্ৰতা নিৰ্মূল কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিছে। বিজেপিয়ে অসমৰ কথা চিন্তা নকৰে, দিল্লী বা নাগপুৰৰ কথা চিন্তা কৰা বুলি উল্লেখ কৰি অসমৰ মানুহে অসমৰ চিন্তা কৰিব লাগিব বুলি কয় তেওঁ।
উল্লেখ কৰি নিবনুৱাক সংস্থাপনৰ বাবে কোনো ফলপ্ৰসূ কাৰ্যসূচী আজিলৈ গ্ৰহণ কৰা নাই বুলিও তেওঁ কয় । ৰাজ্যত ৫৪ হাজাৰ পদ খালী হৈ আছে যদিও ৰহস্যজনক কাৰণত এই পদসমূহ পূৰণ কৰা নাই বুলি মন্তব্য আগবঢ়ায় অদীপ ফুকনে । তেওঁ পুনৰ কয় যে ২০১৬ৰ নিৰ্বাচনত অগপই যি ১৪খন আসন পাইছিল সেয়া আঞ্চলিকতাবাদৰহে আসন । ’
২১ৰ নিৰ্বাচনত এই ১৪খন আসনৰ পৰা ৬৪খন আসন হ’ব বুলি দাবী কৰে অদীপ ফুকনে। তেওঁ দাবী কৰে যে ’২১ৰ নিৰ্বাচনত অসমত যৌথ আঞ্চলিক শক্তিৰ চৰকাৰ হ’ব। সমাগত নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটত অসম জাতীয় পৰিষদ অন্তৰ্ভুক্ত নহয় বুলিও উল্লেখ কৰে অদীপ ফুকনে।