গুৱাহাটী- অসম কংগ্ৰেছে দলৰ চৰকাৰী চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অভিপ্ৰায়েৰে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিব।

অহা ২৪ মাৰ্চত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩ টা বিধানসভা সমষ্টিৰ আটাইকেইটা সমষ্টিতে এই মত বিনিময় অনুষ্ঠানসমূহৰ আয়োজন কৰিব।

চৰকাৰী চাকৰি সৃষ্টিৰ বিষয়টো লৈ যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপত মিলিত হ’ব । 

এই অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰিব সমষ্টিসমূহৰ দলীয় প্ৰাৰ্থীসকলে ।

এই আলোচনা আৰু বাৰ্তালাপ ভিত্তিক উদ্যমসমূহ গ্ৰহণ কৰা হ’ব “কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন” শীৰ্ষক বেনাৰৰ অধীনত। দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ সমষ্টিৰপৰা সেইসকল লোকক এই  মত বিনিময়ভিত্তিক অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে, যিসকলে তেওঁলোকৰ চৰকাৰী চাকৰিৰ গেৰাণ্টিৰ বাবে অনলাইন পঞ্জীয়ন কৰিছিল।

প্ৰাপ্ত শেহতীয়া সংখ্যা অনুসৰি, আটাইবোৰ সমষ্টিৰপৰা ১ লাখ ৪০ হাজাৰৰো অধিক লোকে দলৰ আনুষ্ঠানিক ৱেবছাইট www.congressor5guarantee.in ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে।

আনকি যিসকলে অনলাইন চাকৰি পঞ্জীয়ন কাৰ্যসূচীত এই পৰ্যন্ত পঞ্জীয়ন কৰা নাই, তেওঁলোককো এই মত বিনিময় অনুষ্ঠানত ভাগ ল’ব পাৰিব।

ৰাজ্যখনত ৫ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দলে ধাৰ্য কৰা লক্ষ্যত কেনেকৈ উপনীত হ’ব সেই বিষয়ে নিজ নিজ প্ৰশ্নসমূহৰ উত্তৰ বিচৰা সকলৰ সৈতে দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ সমষ্টিসমূহত অবিৰত, ব্যক্তিগত প্ৰশ্নোত্তৰ, আলোচনাৰ আয়োজন কৰিব। 

কংগ্ৰেছ অসমত ক্ষমতালৈ অহাৰ পাছত ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টিৰ দ্বাৰা ৰাইজৰ কি কি উপকাৰ হ’ব সেই বিষয়ে এই মত -বিনিময় অনুষ্ঠানৰ দ্বাৰা অসমবাসী ৰাইজক জ্ঞাত কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply