কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ দুই সাংসদৰ দুই ধৰণৰ মন্তব্য

বৰপেটা – আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ দুই সাংসদৰ দুই ধৰণৰ মন্তব্য। বৰপেটাৰ সাংসদ আব্দুল খালেকৰ মন্তব্য ‘অহা বছৰ মাৰ্চৰ প্ৰথমতে চূড়ান্ত হ’ব মিত্ৰতা’৷ আনহাতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য ‘এতিয়াও খাটাং হোৱা নাই মিত্ৰতা, এতিয়া মিত্ৰতাক লৈ এক্সপ্ৰিমেন্টেলহে চলি আছে’৷

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিচত যেন কংগ্ৰেছৰ বোধোদয়৷ আগন্তক ২০২১ বর্ষৰ নিৰ্বাচনক লৈ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ মন্তব্য ‘কেতিয়াবা বৃহৎ জয়ৰ বাবে ত্যাগ কৰিবলগীয়া হ’ব পাৰে’৷ বিজেপিক বৃহৎ শক্তি বুলি অভিহিত কৰি শাসনত থকা দলটোক পৰাভূত কৰাৰ স্বাৰ্থত বিভিন্ন দলক লৈ মহাজোঁটৰ চিন্তা চলাই আছে কংগ্ৰেছ দলে। সেয়েহে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত কোন দলে কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব তাকে লৈ কংগ্ৰেছ দলে এৰা-ধৰা কৰা সম্পৰ্কত এই মন্তব্য কৰে সাংসদ গৰাকীয়ে৷ অহা বছৰ ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনে পূৰ্ণাংগ ৰূপ লাভ কৰিব বুলি সদৰি কৰে সাংসদ আব্দুল খালেকে৷

ওৱেইছিৰ এআইএমআইএম দলে ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা কথাক লৈয়ো প্ৰতিক্ৰীয়া ব্যক্ত কৰে সাংসদ আব্দুল খালেকে৷ ওৱেইছিৰ দলটোৱে ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি চলি থকা ব্যাপক চৰ্চাক লৈ আব্দুল খালেকে কয় নিৰ্বাচনত সকলো দলৰে অংশগ্ৰহন কৰাৰ অধিকাৰ আছে৷ ভোট বিভাজনৰ বাবে কোনোবাই কৰা চেষ্টা ৰাইজে বুজি পায় বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে৷ ৰাইজ আজিকালি সজাগ হৈছে আৰু কোনোবা দল আহিলেই যে ৰাইজে গ্ৰহন কৰিব তাক লৈ সন্দেহ প্ৰকাশ কৰে আৰু ৰাইজে সঠিক সিদ্ধান্ত ল’ব জানে বুলিও মন্তব্য কৰে বৰপেটাৰ সাংসদ গৰাকীয়ে৷ কংগ্ৰেছ মহাজোঁটে প্ৰাৰ্থী বাচনিত সফল হ’লে ওৱেইছিয়ে কোনো ক্ষতি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে৷

বৰপেটাৰ খন্দকাৰপাৰাত ফিৰ্দাউচ চেৰিটেবল ছ’চাইটিৰ মুকলি সভা এখনত বৰপেটাৰ কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকৰ লগতে নগাঁও লোকসভাৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে৷ সভাখনত অংশগ্ৰহন কৰা কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মহাজোঁট বন্ধনক লৈ ভিন্ন মতহে প্ৰকাশ কৰে। অহা মাৰ্চ মাহৰ প্ৰথমভাগৰ ভিতৰতে মহাজোঁট বন্ধনে চূড়ান্ত ৰূপ ল’ব বুলি আব্দুল খালেকৰ মন্তব্যৰ বিপৰীতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰি কয় যে ‘এআইইউডিএফৰ সৈতে খাটাং হোৱা নাই মিত্ৰতাৰ সিদ্ধান্ত’৷ সাংসদগৰাকীৰ মতে বিটিআৰত চলি আছে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাক লৈ এক্সপেৰিমেন্টেল’৷ বিটিআৰ নিৰ্বাচনৰ পিছতেহে লোৱা হ’ব মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত’৷

আনহাতে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ’ব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে নিৰ্বাচনৰ পিচতহে মুখ্যমন্ত্ৰীৰ পদকলৈ সিদ্ধান্ত লোৱা হ’ব।সাংসদ গৰাকীয়ে আনকি নিজকে কংগ্ৰেছ দলৰ চিনিয়ৰ নেতা বুলিও দাবী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply