গুৱাহাটী – কংগ্ৰেছ আৰু এআইইউডিএফে মিত্ৰতা স্থাপন কৰি মহাজোঁট গঠন কৰিবলৈ তৎপৰ হোৱাৰ সময়তে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ এই মিত্ৰতাক মোগলজোঁট আখ্যা দিছে গোস্বামীয়ে। কালি হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে কয় যে কংগ্ৰেছ-ইউডিএফ মিত্ৰজোঁট নহয়, মোগলজোঁট। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলেই সমাজ থানবান হোৱাৰ লগতে কেলেংকাৰীয়ে পুনৰ মূৰ দাঙি উঠিব।

এই মিত্ৰতা কংগ্ৰেছ আৰু এআইইউডিএফৰ এখন নাটক আৰু এই মহাজোঁট অসমৰ বাবেই অশনি সংকেত। কংগ্ৰেছ-এআইইউডিএফে কোনো কাৰণতে অসমীয়া জাতিটোৰ উন্নয়ন নিবিচাৰে। আনহাতে এই মহাজোঁটৰ বাবে পূৰ্বৰ তুলনাত বিজেপিৰ আসন বৃদ্ধিহে পাব বুলি উল্লেখ কৰে মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

তেওঁ লগতে কয় যে ৰাজ্যৰ ৫১টা সমষ্টি এতিয়া বিপদাপন্ন। ২৭টা সমষ্টিত বিশেষ সম্প্ৰদায় এতিয়া সংখ্যাগুৰু আৰু আন ১০টা সমষ্টি সংখ্যাগুৰু হোৱাৰ দিশত গতি কৰিছে। বাকী ১৪টা সমষ্টিত এই বিশেষ সম্প্ৰদায়ৰ ৩০-৪০ শতাংশ ভোট আছে আৰু তাতো ক্ৰমাৎ শক্তিশালী হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply