গুৱাহাটী – অসম চৰকাৰে মাদ্ৰাছাসমূহ বন্ধ কৰিবলৈ উদ্যম গ্ৰহণ কৰাৰ মুহূৰ্ততে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে এআইডিইউএফৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷

হাট শিঙিমাৰীত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি আজমলে কয়, ‘‘আমি ক্ষমতালৈ আহিলে কেবিনেট বৈঠকৰ দ্বাৰা সকলো মাদ্ৰাছা পুনৰ মুকলি কৰিম৷’’

অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আজমলে কয় যে ড০ শৰ্মাই কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক ভয় কৰিছে৷

আজমলৰ এই মন্তব্যত প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰত্যাহ্বান জনায় কয়, ‘‘কংগ্ৰেছ আৰু এআইইউডিএফে কেতিয়াও অসমত চৰকাৰ গঠন কৰিব নোৱাৰে৷ তেওঁলোকৰ মাদ্ৰাছা খোলাৰ সপোন সপোন হৈয়েই থাকিব৷’’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply