গুৱাহাটী:- কিছু দিনৰ আগতে কংগ্ৰেছ ত্যাগ কৰা কমল কুমাৰ মেধিয়ে সোমবাৰে
ৰাইজৰ দলত আনুষ্ঠানিক যোগদান কৰে |কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান মেধি এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আছিল | ৰাইজৰ দলৰ মঠঘৰীয়াৰ কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগত বহু কংগ্রেছ কৰ্মীয়েও যোগদান কৰে |
কংগ্রেছৰ মিডিয়া চেলৰ উপাধ্যক্ষ বিনয় ডেকা, আম আদমী পাৰ্টীৰ পূৰ্বৰ সাধাৰণ সম্পাদকৰ শান্তনু সেন, লেখক বাবু ৰাভা হাকাচাম, কে এম এছ এছৰ নেতা প্ৰণৱ কলিতা, মধু শৰণীয়া, অজিত খাটনিয়াৰৰ লগতে ভৱানীপুৰৰ অসম গণ পৰিষদ ত্যাগ কৰি আঠজন কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত।
ৰাইজৰ দলত যোগদান কৰিয়েই বৰ্তমান সময়ত বিজেপিক ৰোধ কৰাৰ বাবে অখিল গগৈৰ বাহিৰে দ্বিতীয় এজন নেতা নাই বুলি মন্তব্য কৰে |