গুৱাহাটী – কংগ্ৰেছ দলৰ অপশাসনৰ বাবে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো স্বাধীনতাৰ কেইবছৰমান পাছতে আঞ্চলিকতাবাদৰ উৎখাত হৈছিল। অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছতহে অসমত পূৰ্ণ ৰূপত আঞ্চলিকতাবাদৰ বিকাশ ঘটে। বহু প্ৰত্যাহ্বান আহিলেও এতিয়াও অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা হৈ থাকিব। – এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।
কালি ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰো নাম উল্লেখ নকৰাকৈ কয় বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ মাজে-সময়ে দুই এটা ৰাজনৈতিক দল গঠন কৰা হৈছে। কিন্তু এয়া শুভলক্ষণ নহয় আৰু ইয়ে ৰাইজক বিভ্ৰান্ত কৰিছে।
কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভাৰ নিৰ্বাচনতো অগপ-বি জে পি নেতৃত্বাধীন মিত্ৰজোটোক ভোট দিব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰে । আনহাতে অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি পৰেশ বৰুৱাৰ আদৰণি ভাষনৰে শুভাৰম্ভ হোৱা সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধি আৰু ৰবীন দৈমাৰী, অসম মহিলা পৰিষদৰ সভানেত্ৰী লিলি বৈশ্য, সম্পাদিকা গীতাঞ্জলি নাথ কাকতিকে ধৰি কেইবাজনো নেতাই ভাষণ দি অহা নিৰ্বাচনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰ বিপুল ভোটেৰে বিজয়ী কৰাৰ বাবে হাতে-কামে নামি পৰিবলৈ উপস্থিত কৰ্মী সকলক আহ্বায়ক জনায়।
আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতিক সভাপতি , সুবোধ কলিতাক কাৰ্যকৰী সভাপতি, ৰুবুল বৈশ্য, মতিউৰ ৰহমান আৰু মানৱ কলিতাক সম্পাদক , বিদ্যুৎ ৰাজবংশীকে ধৰি কেইবাজনকো সহকাৰী সম্পাদক হিচাপে লৈ অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। তেনেদৰে অসম যুৱ পৰিষদ , অসম মহিলা পৰিষদ , অসম শ্ৰম পৰিষদ আৰু অসম কৃষক পৰিষদৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ কাৰ্যকৰি কমিটি সমূহ গঠিত কৰা হয় ।