কংগ্ৰেছ - এআইইউডিএফৰ নেতৃবৃন্দ (ফাইল ফটো)

গুৱাহাটী – আসন্ন নিৰ্বাচনত ৰাজ্যত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যেৰে কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁট আটাইকেইটা দলৰ বাবেই এক ‘মহাজঁট’ হোৱাৰ দিশে আগবাঢ়িছে। এইক্ষেত্ৰত প্ৰধান কাৰণ হিচাপে দেখা দিছে ২০ টাকৈ সমষ্টিৰ বাবে আসন বুজাবুজি। বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা বা মহজোঁট গঠন প্রক্রিয়া সঠিক দিশত আগবাঢ়িছে যদিও প্ৰায় ২০ টা সমষ্টিত আসন বুজাবুজিৰ ক্ষেত্রত দেখা দিছে ব্যাপক জটিলতা। এই জটিলতাই দুয়োটা দলৰ জয়যাত্রাত বিঘিনি ঘটোৱাৰ সম্ভাৱনা আছে৷ ইফালে উজনি অসমৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা গোস্বামী, সুশান্ত বুঢ়াগোঁহাই আদিয়ে ইতিমধ্যেই দলটোৰ সৈতে মিত্ৰতাত হয়ভৰ দিয়া নাই যদিও উজনিত প্ৰাৰ্থীত্ব প্ৰক্ষেপৰ ক্ষেত্ৰত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত বুজাবুজিত বিশেষ বাধা নাই।

কাৰণ উজনি অসমৰ খিলঞ্জীয়া ভোটাৰৰ ভিত্তি নথকা এআইইউডিএফে কংগ্রেছক আসন এৰি দিয়াত আপত্তি নকৰিব। এই কথা কংগ্ৰেছৰ শীৰ্ষ মহলেই প্ৰকাশ কৰিছে। তাৰ বিপৰীতে নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা সমষ্টিসমূহত কংগ্রেছ আৰু এ আই ইউ ডি এফ দুয়োটা দলৰে ভিত্তি সবল। বিগত নিৰ্বাচনৰ ফলাফলেই এই কথা প্ৰমান কৰিছে। যিকেইখন আসনত কংগ্ৰেছ বা এআইইউডিএফে জয়লাভ কৰিছিল সেই আটাইকেইখনতেই দুয়োটা দলেই দুয়োটা দলৰ পাৰস্পৰিক প্ৰতিদ্বন্দী আছিল। গতিকে স্বাভাৱিকতেই এইবাৰ নামনি অসম আৰু মধ্য অসমত আসন বুজাবুজিত মতানৈক্য হোৱাৰ সম্ভাৱনা প্ৰবল আৰু ইয়েই মিত্রতা বা মহাজোঁটত ‘মহাজঁট’ সৃষ্টি কৰিব। ৰাজ্যত কমেও ২০টা সমষ্টি মিত্র দল দুটাৰ এটাই আনটোক এৰি দিবলৈ সন্মত নোহোৱাটো নিশ্চিত৷ ইফালে সদ্যগঠিত ৰাইজৰ দল আৰু এজেপিৰ সৈতে যদিহে মিত্ৰতা স্থাপন হয় তেন্তে এই ‘মহাজঁট’ উজনিলৈও সম্প্ৰসাৰিত হ’ব।

দক্ষিণ শালমৰা সমষ্টিত এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমল যোৱাটো নির্বাচনত কংগ্রেছৰ ৱাজেদ আলী চৌধুৰীৰ হাতত পৰাজিত হৈছিল৷ আজমলে সাধাৰণ নির্বাচনত প্রথমতে জয়ী হৈ পাছত সমষ্টিটো এৰি দি উপ-নির্বাচনৰ জৰিয়তে পুত্রক দক্ষিণ শালমৰাত ৰাজনৈতিকভাৱে সংস্থাপিত কৰি আহিছে৷ তেনেক্ষেত্রত এ আই ইউ ডি এফৰ মুৰববীজনে সমষ্টিটো কংগ্রেছক এৰি দিবলৈ নিশ্চয় সন্মত নহ’ব।

ইফালে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ যদিহে সঠিক সময়ত নিস্পত্তি হয় তেন্তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই বর্তমানে এ আই ইউ ডি এফৰ দখলত থকা নাওবৈচাৰ পৰা প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব বুলি চর্চা চলি আছে৷ এইক্ষেত্ৰতো আসন বুজাবুজিৰ সময়ত নাওবৈচাক লৈ দল দুটাৰ মাজত মতানৈক্য হোৱাটো নিশ্চিত।

কংগ্রেছ বা এ আই ইউ ডি এফৰ দখলত থকা বদৰপুৰ, মানকাচৰ, গোৱালপাৰা পশ্চিম, জনিয়া, বাঘবৰ, চেঙা, দলগাঁও, লাহৰীঘাট, ৰূপহী, কৰিমগঞ্জ দক্ষিণ, কাটলিচেৰা, আলগাপুৰ, ধুবুৰী, গৌৰীপুৰ, অভয়াপুৰী দক্ষিণ, জলেশ্বৰ, ধিং আৰু নাওবৈচা আদি সমষ্টিৰ বুজাবুজিত হোৱা মতান্তৰে মহাজোঁটত অথন্তৰ ঘটোৱাটো নিশ্চিত।

ইফালে দীর্ঘদিন ধৰি কংগ্রেছৰ দখলত থকা অভয়াপুৰী দক্ষিণ সমষ্টিত যোৱা নির্বাচনত এ আই ইউ ডি এফৰ অনন্ত মালোৰ হাতত কংগ্রেছৰ চন্দন সৰকাৰে মাত্র ১৯১টা ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল৷ গতিকে দুয়োটা দলৰে সমান ভিত্তি থকা এই সমষ্টিটো কোন দলে কাক এৰি দিব সেয়াও হ’ব লক্ষণীয়।

তেনেদৰে কৰিমগঞ্জ দক্ষিণ সমষ্টিত কংগ্রেছৰ বৰাক উপত্যকাৰ প্রভাৱশালী নেতা ছিদ্দিক আহমেদে এ আই ইউ ডি এফৰ আজিজ আহমেদ খানৰ হাতত প্রায় ৪,৪০০টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল৷ মাত্র দুই হাজাৰৰ পৰা ৫ হাজাৰ ভোটৰ ব্যৱধানতহে কংগ্রেছে এ আই ইউ ডি এফৰ প্রার্থীক পৰাজিত কৰিছিল লাহৰীঘাট, মানকাচৰ, দলগাঁও, লাহৰীঘাট আদি সমষ্টিত৷ গতিকে যিকেইটা সমষ্টিত এআইইউডিএফ বা কংগ্ৰেছে সমষ্টি দখল কৰি আছে সেইকেইটা সমষ্টিত পস্পৰে পৰস্পৰৰ সৈতে প্ৰতিদ্বন্দিতাত আছিল।

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত এআইইউডিএফক পৰাজিত কৰি জনিয়া সমষ্টি দখল কৰিছিল কংগ্রেছৰ আব্দুল খালেকে৷ ইয়াৰ পিছতক খালেক লোকসভালৈ নির্বাচিত হোৱাৰ পাছত অনুষ্ঠিত উপ-নির্বাচনত সমষ্টিটোত এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে কংগ্রেছৰ প্রার্থীক পৰাজিত কৰি জয়লাভ কৰে৷ গতিকে এই সমষ্টিটোৱেই মহাজোঁটত যে জটিলতাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা সঠিক দিশত আগবাঢ়ি আছে বুলি দুয়োটা দলৰ নেতৃত্বই দাবী কৰি আহিছে যদিও ৰাজ্যৰ সংশ্লিষ্ট ২০টা সমষ্টিৰ ক্ষেত্রত বুজাবুজিত যদিহে জটিলতা শেষ পৰ্যন্ত থাকি যায় তেন্তে এই মহাজোঁট যে দুয়োটা দলৰ বাবেই মহাজঁটত পৰিণত হ’ব সেয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply