গুৱাহাটী – অসম চৰকাৰে অসমৰ মহিলা সকলৰ বাবে মুকলি কৰা ‘অৰুণোদয়’ আঁচনি সন্দৰ্ভত কংগ্ৰেছ- বিজেপি দুই দলৰ তৰ্কযুদ্ধ। অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই আঁচনিৰ সন্দৰ্ভত বিৰূপ ভাৱে সমালোচনা কৰা বুলি ৰিপুণ বৰাক উভতি ধৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শৰ্মাই কয় ,’ কেনেকুৱা ধৰণৰ ব্যক্তিয়ে অৰুনোদয় আচঁনিক সমালোচনা কৰিছে ।এইয়া এক দুৰ্বল মানসিকতা।ৰিপুণ বৰাই কিয় ২০ লাখ লোকৰ অভিশাপ বিচাৰিছে ।মানুহৰ আশীৰ্বাদ পাবলৈ ৰাজনীতি কৰা উচিত,বিকল্প নহয়। আমি ধুতি ,লুঙী আদিৰ আলোচনা কৰিছিলো। লগতে কৈছিলো মুকলিকৈ প্ৰৱেশ কৰাৰ সুযোগ দিম ।এইটো ৰাজনীতিৰে এক অংশ ।
ইফালে ৰিপুণ বৰাই ২০ লাখ পৰিয়াল তথা ১ কোটি লোকৰ ক্ৰোধৰ বলি হ’ব লগা হৈছে।তেওঁ ১ কোটি দুখী লোকৰ লগত কেনেকৈ থাকিব ? ‘
আনহাতে মন্ত্ৰী গৰাকীৰ ভাষ্যৰ প্ৰত্যুত্তৰ হিচাপে ৰিপুণ বৰাই কয় যে এইটো ভূল বাখ্যা কৰা হৈছে।
বিজেপি চৰকাৰৰে অসমৰ মহিলা সকলৰ বাবে অৰুণোদয় আঁচনি ৰূপায়ন কৰিছে ।এই মূল্য হৈছে ৮৩০। মই এই আচঁনিক বিৰোধিতা কৰা বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে জনসাধাৰণক ভুল ভাৱে বাখ্যা কৰিছে ।মই এই আঁচনিৰ বিৰোধিতা কৰা নাই বৰং এই মূল্য যে একেবাৰে নূন্যতম মই তাকেহে প্ৰকাশ কৰিছিলো।