দলীয় বিসম্বাদ, নেতৃত্ব সলনি দাবীৰে অস্থিৰ অসম কংগ্ৰেছ

নিউজ ডেক্স:- অসম কংগ্ৰেছৰ ভিতৰচ’ৰাত দলীয় নেতৃত্বৰ বিৰোদ্ধে মুকলি বিদ্ৰোহ ,তাৰ মাজতে দলটোৰ পৰা জ্যেষ্ঠ কণিষ্ঠ বহুজনেই দল এৰি আন দললৈ যোৱাৰ পিছত নেতৃত্ব এতিয়া থৰক বৰক স্থিতি | ইতিমধ্যে ৰাজ্যিক নেতৃত্বই চৰকাৰত আহিলে কেতবোৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিছে , যাক লৈ তীব্ৰ সমালোচিত হৈছে | দলৰ কেন্দ্ৰীয় নেতৃত্বই কিছুদিনৰ আগতে জীতেন্দ্ৰ সিঙক অসমৰ তত্বাবধায়ক হিচাবে নিযুক্তি দিছে | ইতিমধ্যে তত্বাবধায়ক জনে তিনিবাৰকৈ অসম ভ্ৰমণ কৰি দলীয় নেতা কৰ্মীৰ মাজত চলি থকা ক্ষোভৰ উপশম ঘটাবলৈ চেষ্টা চলাই আহিছে | শিলচত দলীয় সভাৰ মাজতেই তত্বাবধায়ক জনৰ উপস্থিতেই বিদ্ৰোহ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে |

আনফালে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ডি এফ ৰ সৈতে মিত্ৰতাক লৈও দলটো আজি দুটা গোটত ভাগ হৈছে | এচামে মিত্ৰতা কৰি বৈতৰনী পাৰ হোৱাৰ সপোন দেখিছে আনফালে আনটো গোটে মিত্ৰতা কৰি আগন্তুক নিৰ্বাচনত সফল হ’ব বুলি আশা দেখিছে |

কংগ্ৰেছ হাইকামান্ডে নিযুক্তি দিলে অসমত তিনি নিৰীক্ষকক

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই এতিয়াও মিত্ৰতাৰ কথা প্ৰকাশ কৰা নাই যদিও বদৰুদ্দিন আজমলে মিত্ৰতা হব বুলি প্ৰচাৰ কৰি আহিছে | প্ৰাক্তণ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্ৰতা বাবে পদক্ষেপ লৈছিল যদিও তেও মৃত্যুৰ পিছত এই মিত্ৰতাক লৈও বিতৰ্ক আৰম্ভ হৈছে | নিৰ্বাচনলৈ তিনিমাহ হাতত থকা সময়ত একেৰাহে ১৫ বছৰ ধৰি শাসনত থকা দলটো আজি নেতৃত্বৰ সংকটত ভুগিছে | দলীয় তত্বাবধায়ক পিছতো দলটোৱে উজনি নামনিৰ বাবে পৰ্যবেক্ষক নিযুক্তি দি দলীয় নেতা কৰ্মীৰ অসন্তোষ্টিৰ বুজ লৈছে |

কংগ্ৰেছ হাইকামান্ডে নিযুক্তি দিলে অসমত তিনি নিৰীক্ষকক

২০২১ৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাত কংগ্ৰেছ হাইকামান্ডে নিয়োগ কৰিলে জ্যেষ্ঠ নিৰীক্ষক । কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে অসমসহ ৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰীক্ষক নিযুক্তি কৰিছে |

অসমৰ বাবে জ্যেষ্ঠ নিৰীক্ষক ৰূপে নিযুক্তি দিয়া ৩ কংগ্ৰেছ নেতা হৈছে চত্তীছগড়ৰ মূখ্যমন্ত্ৰী ভূপেশ বাঘেল, মুকুল ৱাছনিক আৰু ছাকিল আহমেদ খান। এতিয়া এই তিনি জ্যেষ্ঠ নেতাই দলীয় বিসম্বাদ দলীয় নেতা কৰ্মীৰ দল ত্যাগ কাৰ্য বন্ধ কৰি দলটোক কেনেদৰে সাজু কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply