কঠালগুৰিক দ্বিতীয় আশাৰীকান্দি হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা

চামগুৰি – মৃৎ শিল্পৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে বিখ্যাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি।গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি গাঁৱৰ ১৬০টাকৈ পৰিয়াল প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে। আশাৰীকান্দি গাঁৱৰ মৃৎ শিল্পই ধুবুৰী জিলাৰ পৰ্যটনৰ ক্ষেত্ৰতো গ্ৰহণ কৰি আহিছে অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা। আশাৰীকান্দিৰ মৃৎ শিল্প প্ৰত্যক্ষ কৰিবলৈ প্ৰতিবছৰে দেশ বিদেশৰ হাজাৰ হাজাৰ লোক আহে ধুবুৰীলৈ।

ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ মৃৎ শিল্পৰে প্ৰভাৱিত হৈ দ্বিতীয় আশাৰীকান্দি হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা নগাঁও জিলাৰ চামগুৰিৰ কঠালগুৰি। প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্ত্তী এটি অন্যতম অঞ্চল হৈছে চামগুৰিৰ নিকটৱৰ্ত্তী কঠালগুৰি। প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ কঠালগুৰি শেহতীয়াকৈ পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল হিচাপে গঢ়লৈ উঠিছে যদিও পিচপৰা অঞ্চলটো পৰ্যটনৰ ক্ষেত্ৰত অধিক আগুৱাই নিয়াৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন তথা অঞ্চলটোত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোক সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কলিয়াবৰ মহকুমা প্ৰশাসনে কঠালগুৰি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে এক বিশেষ পৰিকল্পনা হাতত লৈছে। কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কঠালগুৰিত “চুচান আংলং টুৰিজম কমিটিৰ”ৰ ব্যৱস্থাপনাত তথা “জাৰ্নেলিষ্ট ইউনিঅন”ৰ কলিয়াবৰ জিলা সমিতিৰ লগতে চামগুৰি ৰঙিলী শিল্পালয়ৰ সহযোগত অঞ্চলটোৰ একমাত্ৰ প্ৰেক্ষাগৃহটিত ইচ্ছুক ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে এখনি মৃৎ শিল্পৰ দহ দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। এই মৃৎ শিল্পৰ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰাপ্ত লোক সকলে পৰৱৰ্তী সময়ত অঞ্চলটোত থকা নীলাপানী হ্ৰদ দৰ্শন কৰিবলৈ অহা দেশী বিদেশী পৰ্যটক সকলক পৰম্পৰাগত শৈলীৰে সাজি উলিওৱা মৃন্ময় মুৰ্তি সমূহ বিক্ৰী কৰিব পাৰিলে কেৱল কাৰ্বি কৃষ্টি-সংস্কৃতি প্ৰচাৰ কৰায়ে নহয় আৰ্থিকভাৱে স্বাৱলম্বীততাৰ দিশতো অঞ্চলবাসী আগবাঢ়ি যোৱাত সূচল হ’ব বুলি আশাবাদী উদ্যোক্তা সকল।

লক্ষণীয়ভাবে নগাঁও জিলাৰ চাৰি গৰাকীকৈ প্ৰসিদ্ধ শিল্পীয়ে দহ দিন বাবে প্ৰশিক্ষণ প্ৰদান কৰিব লগীয়া মৃৎ শিল্পৰ কৰ্মশালাখনৰ প্ৰথম দিন কেইটাতে অঞ্চলটোৰ ভালেসংখ্যক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, চামগুৰিৰ নৱতম পৰ্যটন ক্ষেত্ৰ হিচাপে শিৰ দাঙি উঠা নীলাপানী হ্ৰদৰ অপৰূপ সৌন্দৰ্য্যৰ লগতে মৃৎ শিল্পৰ সংযোজনে কঠালগুৰিক ভৱিষ্যতে অসমৰ দ্বিতীয়টো আশাৰীকান্দি হিচাপে গঢ়ি তুলিব বুলিও আশা কৰিব পাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply