কামপুৰ: বুধবাৰে নগাওঁ জিলাৰ কঠীয়াতলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।প্ৰতিবাদী জনতাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত দীৰ্ঘ সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ হৈ পৰে |
নগাঁও জিলাৰ কঠিয়াতলী কন্দলী চাহ বাগিচাৰ ৰামু নায়ক নামৰ এজন যুৱকক যোৱা ২ জানুৱাৰীত বকোৰ ব্ৰহ্মপুত্ৰ বালিত নৃশংস ভাৱে হত্যা কৰি পুতি থৈছিল। কৰ্মসুত্ৰে গুৱাহাটী থকা ৰামু এজন ড্ৰাইভাৰ হিচাপে কাম কৰি আছিল |
ৰামু নায়কৰ নৃশংস হত্যা কাণ্ডৰ প্ৰতিবাদত বুধবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ বহু সময় ধৰি বন্ধ কৰি হত্যাকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগিব, হত্যাকাৰী হুচিয়াৰ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। এই প্ৰতিবাদৰ ফলত সেই পথেৰে অহা যোৱা কৰা যান বাহন সমূহ বহু সময় ধৰি আবদ্ধ হৈ পৰে |