নিউজ ডেক্স: দিল্লীত মদ বিক্ৰীৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম কৰিবলৈ প্ৰবৰ্তন কৰিবলৈ পৰামৰ্শ দিছে চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে । মদ খোৱা ব্যক্তিৰ বয়সৰ সীমা ২৫ ৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰিছে । দৰাচলতে দিল্লী চৰকাৰৰ দ্বাৰা গঠিত এখন কমিটিয়ে দিছে এই প্ৰস্তাৱ ।
দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়াই যোৱা ছেপ্টেম্বৰত আবকাৰী বিভাগৰ আয়ুক্তক চেয়াৰমেন হিচাপে নিযুক্তি দি গঠন কৰা কমিটিয়ে দিছে এই প্ৰস্তাব | বীয়েৰ আৰু ৱাইন ডিপাৰ্টমেন্টেল ষ্ট’ৰ সমূহতো বিক্ৰী কৰাৰ পৰামৰ্শ দিছে । কমিটিখনে বন্ধৰ দিন সমূহতো ইয়াক বিক্ৰীৰ বাবে অনুমতি দিবলৈ জনাইছে |
কমিটি খনক মদৰ অধিক বিক্ৰী ,দাম নিয়ন্ত্ৰণ,শুল্ক বৃদ্ধি, আদিৰ ওপৰত নতুন নিয়ম প্ৰযোজ্যৰ বাবে পৰামৰ্শ দিবলৈ গঠন কৰিছিল |মদ বিক্ৰীৰ ক্ষেত্ৰত কমিটিখনে দিল্লী চৰকাৰক দিলে কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ |
বীয়েৰ আৰু ৱাইন বিভাগে নিদ্ধাৰন কৰা অন্য দোকান সমূহত বিক্ৰী কৰিবলৈ পৰামৰ্শ দিছে। ড্ৰাই ডে ৩ দিনলৈ কম কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সকলো পৌৰ এলেকাত মদৰ দোকান বৃদ্ধিৰো প্ৰস্তাব দিছে।
কমিটিৰ প্ৰস্তাৱ দিল্লী চৰকাৰে গ্ৰহন কৰিলে ৰাজধানীত মদৰ বিক্ৰীৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব |