গুৱাহাটী – প্ৰতিখন পূজা মণ্ডপকেই এইবাৰ কন্টেইনমেন্ট জ’ন বুলি গণ্য কৰা হ’ব। কোনো মণ্ডপতেই দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিব নোৱাৰিব। মহামাৰী ক’ৰোনাৰ পৰিপ্ৰেক্ষিততেই এই ঐতিহাসিক ৰায় দিলে উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ সকলো পূজাৰ বাবে এই নিৰ্দেশ কাৰ্যকৰী বুলি ৰায় যোগে জনাইছে কলকাতা উচ্চ ন্যায়ালয়ে।
ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাৰ্বজনীন দুৰ্গোৎসৱ বন্ধ ৰখাৰ দাবী জনাই কলকাতা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থজড়িত আবেদনো দাখিল কৰা হৈছিল। সেই আবেদনৰো কালি ৰায় দিয়ে আদালতে। পূজাত যথেষ্ট পৰিমাণৰ জনসমাগম হ’ব বুলি আশংকা প্ৰকাশ কৰিছিল হাইকোৰ্টে। এই সন্দৰ্ভত বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে জনায়, লাখ লাখ লোকৰ ভিৰ কেনেদৰে মাত্ৰ কেইহাজাৰমান আৰক্ষীয়ে চম্ভালিব? ৰাজ্য চৰকাৰে জনাইছে যে আৰক্ষীৰ সংখ্যা আৰু বৃদ্ধি কৰিব লাগিব।
শুনানি চলা সময়ত আদালতৰ তৰফৰ পৰা জনোৱা হৈছে যে বৰ্তমানৰ ক’ৰোনা পৰিস্থিতি যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ বাবে প্ৰতিটো পূজা মণ্ডপক কন্টেনমেন্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰে আদালতে। ইয়াৰ পিছতে জাৰি কৰা নিৰ্দেশত আদালতে জনাইছে যে প্ৰতিখন পূজা মণ্ডপকে কন্টেইনমেন্ট জ’ন হিচাবে গণ্য কৰা হ’ব। উদ্যোক্তাসকলৰ তৰফৰ পৰা সৰ্বোচ্চ ২৫ জন লোকে মণ্ডপত প্ৰৱেশৰ অনুমতি থাকিব। তেওঁলোকৰ নামৰ তালিকা পূৰ্বৰে পৰা মণ্ডপৰ সমূখত আৰি থ’ব লাগিব। সৰু মণ্ডপ হ’লে ৫ মিটাৰ আৰু ডাঙৰ মণ্ডপ হ’লে ১০ মিটাৰৰ ভিতৰলৈ কোনো দৰ্শনাৰ্থী প্ৰৱেশ কৰিব নোৱাৰিব।