যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

হোজাই – কন্যাৰ বিবাহৰ দিনাই পিতৃৰ ৰহস্যজনক মৃত্যু৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ। নিজৰ ঘৰৰ সন্মুখতে উদ্ধাৰ মৃতদেহ। ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত পশ্চিম যমুনাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ৷ নিজৰ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছে মৃতদেহটো৷ মৃত লোকজন পশ্চিম যমুনাগাঁৱৰ উচমান গণি বুলি চিনাক্ত কৰা হৈছে৷

উল্লেখ্য যে উচমান গণিৰ এগৰাকী কন্যাৰ দেওবাৰে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল৷ শনিবাৰে নিশা দুই পুত্ৰৰ সৈতে উচমান গণিৰ কথাৰ কটাকটি হৈছিল আৰু যাৰ পৰিণতিত দুয়ো পুত্ৰই উচমান গণিক নিশা ঘৰৰ পৰা টানি ঘৰৰ বাহিৰত লৈ গৈছিল বুলি উচমান গণিৰ পত্নীয়ে জানিবলৈ দিয়ে।

পত্নীৰ স্বীকাৰোক্তিৰ ভিত্তিত দুয়ো পুত্ৰই পিতৃক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ পুত্ৰৰ অত্যাচাৰত পিতৃ মানসিকভাৱে জৰ্জৰিত হৈ আত্মহত্যা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে৷

ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে ইফালে উচমান গণিৰ দুই পুত্ৰক আটক কৰিছে৷ আটক দুয়ো পুত্ৰ ক্ৰমে হাইদৰ আলী আৰু উমেদ আলী৷ কন্যাৰ বিবাহৰ দিনাই পিতৃৰ ৰহস্যজনক মৃত্যুৱে জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply