ইণ্টাৰনেশ্যনেল ডেস্ক – কৰোনা ভাইৰাছত আক্রান্ত মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্রাম্প। শেহতীয়া তথ্য অনুসৰি দুয়োগৰাকীৰেই ক’ভিড ১৯ ৰিপোর্ট পজিটিভ আহিছে। এই কথা টুইটযোগে জনাইছে স্বয়ং মার্কিন প্রেছিডেন্টে।
টুইটত ট্রাম্পে লিখিছে, ‘আজি ৰাতি মেলানিয়া আৰু মোৰ ক’ভিড ১৯ ৰ ৰিপোর্ট পজিটিভ আহিছে। আমি নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছো আৰু লগতে চিকিত্সাও আৰম্ভ কৰিছো।
ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ট্রাম্প দম্পতীৰ দ্রুত আৰোগ্য কামনা কৰিছে। মার্কিন ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ সুস্বাস্থ্য কামনা কৰি টুইট কৰিছে তেওঁ।
উল্লেখ্য যে বৃহস্পতিবাৰেই হোৱাইট হাউছত পুনৰবাৰ কৰোনা ভাইৰাছৰ আতংকই গা কৰি উঠে। ট্রাম্পৰ ঘনিষ্ঠ উপদেষ্টা ক’ভিড ১৯-ত আক্রান্ত হৈ কোৱাৰেণ্টাইনলৈ যোৱাৰ কথাও ঘোষণা কৰে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে।
ইয়াৰ পূৰ্বেও বিগত জুলাই মাহতো মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ ঘনিষ্ঠ মহল কৰোনাত আক্ৰান্ত হৈছিল। ৰাষ্ট্ৰপতিৰ নিৰাপত্তা উপদেষ্টা ৰবার্ট ও’ব্রায়েন আক্ৰান্ত হৈছিল। ইয়াৰ উপৰিও একাধিক কর্মীও আক্রান্ত হৈছিল।
স্মৰ্তব্য যে বিশ্বত কৰোনাত আটাইতকৈ ক্ষতিগ্রস্ত দেশসমূহৰ শীর্ষত থকা আমেৰিকাত এই পৰ্যন্ত ৭২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে আৰু ২ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।
Wishing my friend @POTUS @realDonaldTrump and @FLOTUS a quick recovery and good health. https://t.co/f3AOOHLpaQ
— Narendra Modi (@narendramodi) October 2, 2020