৬নং দফা কাৰ্যকৰী কৰাত পলম কিয় হৈছে অসম চৰকাৰ

নিউজ ডেক্স:- অসম চুক্তিৰ আধাৰত অসমবাসীয়ে এই বছৰটোত নাপালে সাংবিধানিক সুৰক্ষা কবচ | অসম চুক্তিৰ ৬ নং দফাই প্ৰদান কৰা সুৰক্ষা কবচ কেতিয়া পাব ,তাক লৈ এতিয়াও অনিশ্চয়তাত |

‘অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত ন্যায়াধীশ বিপ্লৱ শর্মা কমিটীয়ে দাখিল কৰা প্রতিবেদন ক’ভিড–১৯ৰ পৰিপ্রেক্ষিততে ৰূপায়ণত কিছু বিলম্ব হৈছে৷’ বিধানসভাৰ শীতকালীন অধিবেশনত মুখ্যমন্ত্রীৰ হৈ এই তথ্য প্রকাশ কৰে পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ মন্ত্ৰী গৰাকীয়ে কয় যে ‘অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত ন্যায়াধীশ বিপ্লৱ শর্মা কমিটীয়ে তেওঁলোকৰ প্রতিবেদন ইতিমধ্যে অসম চৰকাৰৰ হাতত দাখিল কৰিছে৷ যোৱা ছেপ্টেম্বৰ মাহত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগত হোৱা আলোচনাৰ পাছত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা মতে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত উচ্চস্তৰীয় কমিটীয়ে দাখিল কৰা প্রতিবেদনখন পৰীক্ষা কৰিবলৈ এখন আইনজ্ঞ কমিটী গঠনৰ প্রক্রিয়া বৰ্তমান চলি আছে৷ উক্ত কমিটীৰ গঠন প্রক্রিয়া ক’ভিড সংক্রমিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কিছু পলম হৈছে ৷

সদনত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই কয় যে ‘ৰাজ্যখনৰ ৬ জনগোষ্ঠী আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতি কৰা সম্পর্কত ৰাজ্য চৰকাৰে সময়ে সময়ে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰি আহিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়াটো বর্তমান কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিষয়টো চালি–জাৰি চোৱাৰ বাবে মন্ত্রী মণ্ডলীৰ এখন কমিটী গঠন কৰি দিছে৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত গঠিত উক্ত কমিটীখনে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰে৷ কমিটীখনৰ প্রতিবেদন এতিয়ালৈ চূড়ান্ত কৰা হোৱা নাই৷

আনহাতে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত বিভাগীয় মন্ত্ৰী চন্দন ব্ৰহ্মই কয়, ‘অসম অনুসূচিত জাতি আৰু জনজাতি গৱেষণা প্রতিষ্ঠানে জনোৱা অনুসৰি যদিহে জনজাতিকৰণৰ নিয়মাৱলী তথা বৈশিষ্ট্যসমূহ কেন্দ্রীয় চৰকাৰে সৰলীকৰণ কৰে, ইয়াৰ পিছতহে কলিতা জনগোষ্ঠীৰ নৃতাত্ত্বিক প্রতিবেদন প্রস্তুত কৰিব পৰা যাব৷ খিলঞ্জীয়াক ৰক্ষাকবচ প্ৰদান নকৰাকৈ অসমৰ দুৱাৰ বাংলাদেশীৰ বাবে খুলি দিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ পিছত খিলঞ্জীয়া অসমীয়াৰ বাবে অশনি সংকেত আহি পৰিছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply