বঙাইগাঁওঃ কোচ ৰাজবংশী সকলৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত যোৱা বৰ্ষৰ তিনি চেপ্তেম্বৰত অসম চৰকাৰে অসম বিধানসভাত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ পিছত অসম চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে অন্তৰৱৰ্তীকালীল কালিন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও আজিলৈকে অন্তৰৱৰ্তীকালীন পৰিষদ গঠন নকৰা বাবে অসন্তুষ্টি প্ৰকাশ কৰে ৷
দেওবাৰে বঙাইগাঁও চহৰৰ গ্ৰেটাৰ বঙাইগাওঁ প্ৰেছ ক্লাৱত আয়োজন কৰা এক যুটীয়া সংবাদমেল যোগে কয় কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ আইনৰ ৩৫ নং অনুচ্ছেদ অনুযায়ী পৰিষদৰ উপযুক্ত আৰু কোচ ৰাজবংশী সংগ্ৰামৰ লগত জৰিত ব্যক্তিকলৈ অন্তৰৱৰ্তীকালীল পৰিষদখন গঠন কৰিৱলৈ অসম চৰকাৰক আহ্বান জনাই ৷
সংবাদমেলত তিনিওগৰাকী নেতাই কয় যে ৰাভা, তিৱা, মিচিং, ডিমা-হাচাও, কাৰ্বি আৰু বডো স্বায়ত্ত্বশাসিত শাসিত পৰিষদ সমূহো পৰিষদৰ অন্তৰ্গত ব্যক্তিয়ে উক্ত পৰিষদত নিৰ্বাচন খেলিব পাৰে তথা চৰকাৰী মনোনীত সদস্য হব পাৰে আৰু পৰিষদৰ ভিতৰৰ মানুহে ভোট দিব পাৰে ৷ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ যিহেতু উপগ্ৰহীয় (Satellite) নহয় সেই গতিকে চৰকাৰে নিশ্চিত ভাবে পৰিষদৰ মুখ্য পদাধিকাৰী দুগৰাকীক পৰিষদৰ উপযুক্ত আৰু সংগ্ৰামৰ লগত জড়িত ব্যক্তিকলৈ পৰিষদখন গঠন কৰিবলৈ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক আহ্বান জনায় ৷
তিনিওগৰাকী নেতাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনত জড়িত থকা আৰু জাতীয় শ্বহীদ সকলোৰ ত্যাগ আৰু বলিদানক সন্মান জনাই কয় যে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ হৈছে কোচ ৰাজবংশী সকলোৰ মূল লক্ষ্যত উপনিত হোৱাৰ এটা আধাৰশিলা, কাৰো ব্যক্তি স্বাৰ্থ বা ব্যক্তি বিশেষক সংস্থাপিত কৰা পৰিষদ নহয় ৷
গতিকে পৰিষদৰ আইনক সকলোৱে শ্ৰদ্ধা জনোৱা উচিত আৰু সকলো কোচ ৰাজবংশী দল-সংগঠনে উদাৰ আৰু বহল মানসিকতাৰে সহযোগিতা কৰা উচিত ৷ সংবাদমেল যোগে তিনিওগৰাকী নেতাই কোচ ৰাজবংশী সকলক জনজাতিকৰণ বাবে চলিত মাহৰ ভিতৰতে মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ আগতে দীৰ্ঘদিনীয়া দাবী অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰ আৰু অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰক আহ্বান জনায় ৷