কলগাছিয়া – কলগাছিয়াত আমছুৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত ক’লা দিৱস পালন। নেলী গণহত্যাৰ প্ৰতিবাদত কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ক’লা বেজ পৰিধান কৰি আমছুৰ সদস্য সকলে সাব্যস্থ কৰে প্ৰতিবাদ। তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী।

১৮ ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতেই ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱা আৰু বিভিন্ন ঠাইত সংঘটিত হৈছিল হত্যাকাণ্ড। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও জিলাৰ নেলী অঞ্চলত সংঘটিত হোৱা গণ হত্যাত চৰকাৰী হিচাপ মতে ১৮১৯ গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।

পৰৱৰ্তী সময়ত নেলী অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল, তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ সাক্ষী আৰু প্ৰমানৰ অভাৱত আৰক্ষীয়ে বন্ধ কৰিছিল। ১৯৮৩ চনৰ গণহত্যাৰ পিছত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰে।

পৰৱৰ্তী সময়ত তিৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰে যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহ’ল। সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজিও ন্যায় পোৱা নাই ফলত আজি কলগাছিয়া জিলা আমছুৱে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্থ কৰাৰ লগতে শীঘ্ৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply