কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ Credit: ব্যৱসায়ীক প্ৰতিষ্ঠানত সঘণাই চোৰৰ চাফাই অভিযান

কলগাছিয়া – কলগাছিয়া আৰক্ষীৰ নাকৰ তলতে চোৰৰ টিঘিল ঘিলনী। বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত সঘণাই চোৰৰ চাফাই অভিযান। কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সঘণাই চুৰিকাণ্ড সংঘটিত হোৱাত দোকানী সকল তথা ৰাইজে কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। শনিবাৰে নিশা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ সমীপৰ এখন দোকানত চোৰে চাফাই অভিযান চলাই লক্ষাধিক টকাৰ সা-সামগ্ৰী লুটি নিয়ে।

পুৱাৰ ভাগত দোকানখনৰ মালিক ৰকিবুল ইছলামে দোকান খুলিবলৈ আহি পিছফালৰ দুৱাৰ ভাঙি সকলো বয় বস্তু চুৰি হোৱা লক্ষ্য কৰে। এতিয়া প্ৰশ্ন হয় কলগাছিয়া আৰক্ষী থানাৰ নিচেই ওচৰত থকা দোকান সমুহত কেনেকৈ চুৰিকাণ্ড সংঘটিত হয়? নিশাৰ ভাগত আচলতে কলগাছিয়া আৰক্ষীয়ে কি কৰে?

কলগাছিয়া অঞ্চলৰ বিভিন্ন ঠাইত তীৰ-জুৱা আদি খেল চলি থকাৰ বাবে অঞ্চলটোত চোৰৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱা বুলি ৰাইজে ধাৰণা কৰিছে। কলগাছিয়া আৰক্ষীয়ে এইসকল চোৰৰ বিৰুদ্ধে কেনেধৰণৰ অভিযান চলায় সেইয়া পৰৱৰ্তী সময়তে দেখিবলৈ পোৱা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply