চাপৰ – ক’লা পতাকা প্ৰদৰ্শন বিধায়ক অশোক কুমাৰ সিংহীক। ধুবুৰী জিলাৰ চাপৰত ক’লা পতাকা প্ৰদৰ্শন বিধায়ক অশোক কুমাৰ সিংহীক। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্ত সংগ্রাম সমিতিৰ সদস্যৰ লগতে অসম প্ৰেমী যুৱ সমাজে অশোক কুমাৰ সিংহীক প্ৰদৰ্শন কৰিলে ক’লা পতাকা।
এইবাৰ ক’লা পতাকাৰ সন্মুখীন হ’ব লগা হ’ল বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহী। আধাৰশিলা স্থাপন কৰিবলৈ হৈ বিধায়ক গৰাকী সন্মুখীন হ’ল কলা পতাকাৰ। ধুবুৰী জিলাৰ চাপৰৰ অন্তৰ্গত ৰঙামাটি পঞ্চায়তৰ তেতুলতলাত আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল পূব বিলাসীপাৰাৰ বিধায়ক গৰাকী।
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য আৰু অসম প্ৰেমী যুৱ সমাজে বিধায়ক অশোক কুমাৰ সিংহীক ক’লা পতাকা প্ৰদৰ্শন কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। ক’লা পতাকা প্ৰদৰ্শন কৰা কৃষক মুক্ত সংগ্রাম সমিতি, ছাত্ৰ মুক্ত সংগ্রাম সমিতিৰ সদস্য আৰু অসম প্ৰেমী যুৱ সমাজৰ সদস্য সকলে অশোক কুমাৰ সিংহী মূর্দাবাদ, সাম্প্ৰদায়িক ৰাজনীতি নচলিব’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।