কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ

কলিয়াবৰ– কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ। গঁড়ৰ আতংকত ত্ৰস্তমান স্থানীয় ৰাইজ। প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে গঁড়টো প্ৰত্যক্ষ কৰি লগে লগে বনবিভাগক খবৰ দিয়ে।

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনঅৰণ্য়লৈ ওলাই আহিছে গঁড়টো।বনবিভাগৰ লোক উপস্থিত হৈ গঁড়টো কাজিৰঙালৈ খেদি পঠিয়াবলৈ চেষ্টা চলাই আছে যদিও সফল হ’ব পৰা নাই।

গঁড়টোৱে কলিয়াবৰৰ দেউৰী চিলাবন্ধা আৰু বালিটিকা অঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও কলিয়াবৰৰ ভিন্ন স্থানত এইদৰে গঁড়ৰ মুক্ত বিচৰণ অব্যাহত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply