কলিয়াবৰঃ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুঁৱৰীটোলত শুকুৰবাৰে মিছন বসুন্ধৰাত আবেদন কৰা আবেদনকাৰী সকলৰ উপস্থিতিত আবেদন সমূহ নিস্পত্তি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, চক্ৰ বিষয়া নিতিশা বৰা, সহযোগী চক্ৰ বিষয়া ৰাজনিশান শৰ্মাকে ধৰি লাট মণ্ডল আৰু গাঁও প্ৰধান সকলৰ উপস্থিতিত ভূমি বাটোৱাৰা গোচৰ সমূহ নিস্পত্তি কৰে।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱা সমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ অভিলাষী অভিযান “মিছন বসুন্ধৰা” ত কলিয়াবৰত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল ৮৪০০ ৰো অধিক। ইয়াৰে প্ৰায় ৫২ শতাংশ গোচৰ ইতিমধ্যে নিস্পত্তি পৰিছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।