নিউজ ডেস্ক: সৰ্বানন্দ সোনোৱাল চৰকাৰৰ অন্তিমখন বাজেট অধিবেশন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব | ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া এই অধিৱেশনতে আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনিটা মাহৰ বাবে লেখানুদান দাখিল কৰিব৷ এই অধিৱেশনখনেই বর্তমানৰ চৰকাৰৰ অন্তিমখন অধিৱেশন৷
উল্লেখ্য যে, অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সদনত দাখিল কৰিব আগন্তুক তিনি মাহৰ লেখানুদান । এপ্ৰিল, মে’ আৰু জুন মাহৰ বাবে এই লেখানুদান দাখিল কৰা হ’ব । আনহাতে এই তিনিদিনীয়া অধিবেশনত কোনো ধৰণৰ বিধেয়ক উত্থাপন কৰা নহ’ব ।
অসম বিধানসভাৰ ফালৰ পৰা জানিবলৈ দিয়া মতে,অন্তিমখন বিধানসভাৰ অধিৱেশন কিমানদিনীয়া হ’ব সেয়া বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব |
উল্লেখ্য যে এয়ে যে এই অধিৱেশনখনেই বর্তমানৰ চৰকাৰৰ অন্তিমখন অধিৱেশন৷ ৩১ মে’ত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব ৷