ক’ভিড প্ৰট’কলৰ মাজেৰে জোনবিল মেলা

জাগীৰোড: মামা-মামীক আদৰিবলৈ সাজু , উখল-মাখল জোনবিল মেলাস্থলী। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। বিগত বৰ্ষবোৰৰ দৰে এইবাৰো গোভা ৰজাৰ পৰম্পৰা অনুসৰি তিনিদিনীয়াকৈ হ’ব এই জোনবিল মেলা । ইতিমধ্যে মেলাস্থলীত জোনবিল মেলা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

২১ জানুৱাৰী বৃহস্পতিবাৰে গোভা ৰজা আৰু পাৰিষদ বৰ্গই জোনবিলৰ পাৰত খাব সমূহীয়া ভোজভাত । আৰু সেইদিনাই পাহাৰৰ পৰা নামি আহিব মামা-মামীসকল । লগত লৈ আহিব পাহাৰত উৎপাদিত আদা , হালধি , লাও-কোমোৰা ইত্যাদি কৃষিজাত সামগ্ৰী । পিছদিনা অৰ্থাৎ ২২ জানুৱাৰী শুকুৰবাৰে কাহিলি পুৱাতে হ’ব পৰম্পৰাগত বিনিময় প্ৰথাৰ হাট। এই হাটত ভৈয়ামৰ লোকসকলৰ সৈতে পাহাৰৰ মামা-মামীসকলে পিঠা, সান্দহ, জলপানৰ সলনি আদা, কচু, হালধি আদিৰে সলনি কৰি লৈ যায়।

উল্লেখযোগ্য যে এইবাৰ মেলাৰ দ্বিতীয় দিনা অৰ্থাৎ ২২ জানুৱাৰীত মামা-মামীৰ মেলাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীয়ে মধ্য অসমৰ ১৮ জন পৰম্পৰাগত তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব ।

সমান্তৰালকৈ মেলাত প্ৰদৰ্শিত হ’ব তিৱা সকলৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি। একেদৰে অনুষ্ঠিত হ’ব জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব আৰু কুকুৰা যুঁজ । ক’ভিড প্ৰট’কল মানিয়েই এইবাৰ জোনবিল মেলা আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply