কাইলৈৰ পৰা মাজুলীত আৰম্ভ হ'ব "সহোদৰ" Credit: ইষ্ট ম'জ'

মাজুলী: দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাইলৈৰ পৰা আৰম্ভ হ’ব “সহোদৰ” ৰ কাৰ্যসূচী | হিন্দী চলচ্চিত্ৰ জগতৰ বিবেক অ’বেৰয় ভইচ অফ ইণ্ডিয়াৰ দেৱজিৎ সাহা কৰে ধৰি অসমৰ বহু শিল্পী উপস্থিত থাকিব এই অনুষ্ঠানত। জাতি জনগোষ্ঠীৰ সমন্ধয় ক্ষেত্ৰ লৈ পৰিণত হব মাজুলী। অসমৰ ২৬ তাৰো অধিক জনগোষ্ঠী ৰ সাংস্কৃতিক কাৰ্যসূচী ,সংগীতৰ মধুৰ পৰিবেশে বিৰাজ কৰিব মাজুলীত।

অনুষ্ঠান সম্পৰ্কে সংবাদ মেলত উল্লেখ কৰে ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ সচিব লক্ষ্য কোঁৱৰে | উক্ত অনুষ্ঠানত উপস্থিত থাকে যতীন বৰা, সীমান্ত শেখৰ, আশা বৰদলৈ আদি কৰি বহুকেইজন বিশিষ্ট শিল্পী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply