শিৱসাগৰ – মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উদ্যাগত ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২৩ জানুৱাৰীত শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত আহিব প্ৰধানমন্ত্ৰী।
সতী জয়মতীৰ সাহস তথা ত্যাগ-বলিদানক সন্মান জনাই ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰেঙা পথাৰত এখন বিশাল জনসভা অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকলৈ তৎপৰ ৰাজ্যৰ বিজেপি চৰকাৰখন। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল নিজে জেৰেঙা পথাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকলৈ জেৰেঙা পথাৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰিছে। জেৰেঙা পথাৰৰ বিশাল সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিলঞ্জীয়া ভূমিহীনক ভূমিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।
প্ৰতিশ্ৰুতি অনুসৰি সোণোৱাল চৰকাৰে ১.০৬ লাখ ভূমিহীনক ভূমিৰ পট্টা প্ৰদান কৰিব। ১.০৬ লাখ ভূমিহীনক ভূমিৰ পট্টা প্ৰদানক লৈ বিশেষভাৱে উৎসাহী হৈ পৰিছে ভূমিহীন লোকসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বাবেই দেশ-বিদেশত চৰ্চিত হৈছে পৰিছে জেৰেঙা পথাৰৰ নাম।