কাইলৈ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

মৰিগাওঁ– ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন |উপায়ুক্ত লীনা দাসে নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে এখন সংবাদমেল যোগে এই নিৰ্বাচনৰ আয়োজন সম্পৰ্কে তথ্য সমূহ ঘোষণা কৰে।

উল্লেখ্য যে ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত জিলাখনৰ ১৯টা সমষ্টিত মুঠ ১৮৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহন। ইয়াৰে ১টা সমষ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

নিৰ্বাচন হ’বলগীয়া ১৮ টা সমষ্টিৰ পৰিষদীয় নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৪৩৬৫৫ জন। তাৰে পুৰুষ ভোটাৰ হ’ল ৭২৪৬০ আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল ৭১১৯৪ গৰাকী। ইয়াৰে এগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে ।

আনহাতে আইন শৃংখলা জনিত ব্যৱস্থাৰ সম্পৰ্কত সংবাদ মেলত উপস্থিত থকা আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই প্ৰস্তুতিৰ সম্পৰ্কে সংবাদ মাধ্যমক অবগত কৰে |

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী বতাহে এইবাৰ অন্য এক মাত্ৰা দিয়ে | হাই প্ৰফাইল নেতাৰ মাৰথন প্ৰচাৰ বিধান সভা নিৰ্বাচনৰ ছেমিফাইনেলত হিচাবে বিবেচিত হৈছে বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰিব ৰমাকান্ত দেউৰী আৰু পৱন মানতাৰ দৰে তিৱা নেতাৰ ৰাজনৈতিক ভবিষ্যত

এইবাৰৰ নিৰ্বাচনত বিজেপিৰ তিৱা নেতা ৰমাকান্তৰ ৰাজনৈতিক জীৱনলৈও হাগ্ৰামাৰ দৰে আহিব পাৰে প্ৰত্যাহ্বান। ছন্দপতন ঘটিব পাৰে ৰমাকান্তৰ আধিপত্য |

মৰিগাঁও জিলাৰ ১৯ টা সমষ্টিৰ ৫নং ঢেকিফলা, ৬নং মানিপুৰ, আৰু ৭নং গড়মাৰী সমষ্টি কেইটা মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। আনহাতে ১৫নং বিহুবৰি, ১৬নং শলমাৰি সমষ্টি দুটা মুক্ত থকাৰ বিপৰীতে বাকি সমষ্টি কেইটা ST প্ৰাৰ্থীৰ।

১ নং জামাদাৰী সমষ্টি টোত ৮০ শতাংশ তিৱা ভোটাৰ থকাৰ পাছতো এই সমষ্টি টোত বিজেপি আৰু ঐক্যমঞ্চই দুজন বড়ো সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি উভয় দলৰ কৰ্মীৰ মাজতে সমষ্টিটোত হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

মৰিগাঁৱৰ ১৯টা সমষ্টিৰ ভিতৰত ৯নং দমাল আৰু ১৮ নং চাৰিপুনীয়া সমষ্টি দুটাৰ লগত জড়ীত হৈ আছে বিধায়ক ৰমাকান্ত আৰু পৱন মান্তাৰ ৰাজনৈতিক সন্মানৰ প্ৰশ্ন। ৯ নং দমাল সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পৱন মান্তাৰ নিৰ্বাচনী যুঁজ হব কংগ্ৰেছৰ ৰাজু পাতৰ, অগপৰ নিৰজ বৰদলৈ আৰু আপৰ নয়ন জ্যোতি পাতৰৰ

ইফালে ১৮ নং চাৰিপুনীয়া চাবুক ধৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰিয়ে যুঁজ দিব কংগ্ৰেছৰ দুলাল দেউৰী আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ পণ্ডিত বৰদলৈৰ সৈতে।

এই দুই সমষ্টিৰ গতিবিধিয়ে বিজেপিৰ মজিয়াত ৰমাকান্ত আৰু পৱন মান্তাৰ মাজত কোনোজনৰ ওজন বৃদ্ধি কৰে সেয়া লক্ষনীয় হব। এই ফলাফলৰ ওপৰত আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ কথাও নিৰ্ভৰ কৰিব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply