প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী – কাইলৈ শপতগ্ৰহণ কৰিব সদ্যগঠিত সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতিয়ে। কাইলৈ অৰ্থাৎ ৩০ নৱেম্বৰত দুলীয়াজানত অনুষ্ঠিত হোৱা সপ্তদশ কেন্দ্ৰীয় অধিৱেশনত নিৰ্বাচিত হোৱা সমিতিখনে গুৱাহাটী বিশ্ববিদ্যালয়ত অৱস্থিত মুখ্য কাৰ্যালয়ত শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে নতুন কেন্দ্ৰীয় সমিতিত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব দীপাংক কুমাৰ নাথে ৷ সাধাৰণ সম্পাদক পদত কাইলৈ শপত ল’ব শংকৰজ্যোতি বৰুৱাই ৷ উপ সভাপতি পদত বিপুল ৰাভা, প্ৰকাশ চন্দ্ৰ দাস, মানিক গগৈ, নৱজ্যোতি ৰায় আৰু উদ্দীপজ্যোতি গগৈয়েও শপত ল’ব৷

সহঃ সাধাৰণ সম্পাদক শপত ল’ব জয়ন্ত কুমাৰ ভট্টাচাৰ্য, জুল খাউণ্ড, ধর্মেশ্বৰ দাস, প্ৰজ্ঞান ভূঞা আৰু উৎপল শৰ্মাই৷ ভৱজিৎ বেজবৰুৱাই কাইলৈ আনুষ্ঠানিকভাৱে শিক্ষা সম্পাদকৰ পদৰ দায়িত্ব৷ বিত্ত সম্পাদক জিতুমনি ভূঞা, ক্ৰীড়া সম্পাদক পদত পূর্ণ ডেজা আৰু বেদান্ত শইকীয়া, সাংস্কৃতিক সম্পাদক পদত বিনয় ডুবে, সাহিত্য সম্পাদক পদত পৰিস্মিতা বৰা, মুখ্য সাংগঠনিক সম্পাদক পদত অভিৱৰ্তন গোস্বামী, কাৰ্যালয় সম্পাদক পদত সমুদ্ৰ পাটগিৰি আৰু তথ্য সম্পাদক পদত আছে মৃদুল হাজৰিকা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply