কাইলৈ সৰস্বতী পূজা Credit: ইষ্ট ম'জ'

নিউজ ডেস্ক– কাইলৈ সৰস্বতী পূজা। কভিড সৃষ্ট পৰিবেশৰ পিছত এক স্বাভাৱিক জীৱন ঘূৰি আহিছে। কাইলৈ ৰাজ্য়জুৰি উদযাপন কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা। শিক্ষানুষ্ঠান সমূহত ইয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে।

মৃৎশিল্পী সকলৰো ব্যস্ততাৰ অন্ত নোহোৱা হৈছে। প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী সকল। যিহেতু আজি সন্ধিয়াৰ ভাগতেই শিক্ষানুষ্ঠান সমূহলৈ লৈ যোৱা হ’ব বাগদেৱীৰ মৃন্ময় প্ৰতিমা সমূহ।

ৰাজ্য়ৰ শিক্ষানুষ্ঠান সমূহ মুখৰিত হৈ পৰিব বাগদেৱীৰ বন্দনাৰে। পিছে কভিডৰ বাবে কোনো কোনো শিক্ষানুষ্ঠানত এইবাৰ উদযাপন কৰা নহ’ব সৰস্বতী পূজা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply