কাজিৰঙা: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে অবৈধ নিৰ্মান কাৰ্য আজিও অবাধে চলি আছে | ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি চলি আছে ৰিজৰ্ট নিৰ্মাণৰ কাম। উচ্চতম ন্যায়ালয়ে এনিমেল কৰিড’ৰত যিকোনো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ ৰায় দিয়াৰ পিছতো কেনেদৰে এই নিৰ্মাণ কাৰ্য চলি আছে সিও ভাবিব লগীয়া। হালধীবাৰী এনিমেল কৰিডৰৰ অন্তৰ্গত এলেকাত এই ৰিজৰ্ট খন কেনেকৈ নিৰ্মাণ কৰিলে |
স্থানীয় প্রশাসনে এই সন্দৰ্ভত বন বিভাগৰ ওপৰত আঙুলি উঠোৱাৰ বিপৰীতে বন বিভাগে আকৌ ইয়াৰ বাবে স্থানীয় প্রশাসনৰ গালৈ দোষী ঠেলি বিষয়টোৰ পৰা নিজকে আতৰাই ৰাখিব খোজে। উল্লেখ্য যে, ২০১৯চনত বন্যপ্ৰাণী প্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এক আৱেদন। উচ্চতম ন্যায়ালয়ে তেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ কাষত আৰু কাৰ্বি আংলং পাৰ্বত্য ৰেঞ্জত চলি থকা সকলো খনন কাৰ্যকলাপ স্থগিত ৰখাৰ বাবে নিৰ্দেশ দিছিল |
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতো এনেদৰে ৰিজৰ্ট বা আন নিৰ্মাণ কাৰ্যসমূহ এনিমেল ক’ৰিডৰ সমীপৱৰ্তী এলেকাত অব্যাহত আছে। এই সন্দৰ্ভত চৰকাৰ অথবা বন বিভাগে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষণীয়।