কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন

নিউড ডেস্ক: কাজিৰঙাৰ গেলেকী গোসাঁনীবৰ গাঁৱত সোমবাৰে সংঘটিত হয় এক দুখজনক ঘটনা। কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ে হানি-খুঁচি প্ৰাণনাশ কৰে এগৰাকী কৃষকৰ। কৃষকগৰাকীৰ নাম বলোৰাম ওৰাং।

পুৱাই ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়টো গোসাঁনীবৰ গাঁৱৰ ওচৰত আছিল আৰু পথাৰলৈ বুলি গৈ থকা বলোৰাম ওৰাং এই গঁড়টোৰ মুখামুখি হোৱাত তৎমুহূৰ্ততে আক্ৰমণ কৰে গঁড়টোৱে।

ফলত ঠাইতে নিহত হয় কৃষকগৰাকী। উল্লেখ্য, সমষ্ট ঘটনাটোৰ ক্ষেত্ৰত বন বিভাগৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply