kaziranga_national_park
প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা: ঘৰুৱা পৰ্যটকেও কাজিৰঙা বচাব পাৰে তাৰ উদাহৰণ কৰিলে চলিত বৰ্ষত | উদ্যান কৰ্তৃপক্ষই ক’ভিডৰ পিছত মুকলি কৰাৰ পিছত পৰ্যটকক লৈ যি শংকা কৰিছিল শেহতীয়া তথ্যই সেই শংকা যে অমুলক আছিল তাক প্ৰমানিত কৰিছে | ২১ অক্টোবৰৰ পৰা মুকলি কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা মাহত ১লাখ ১০ কাজিৰঙাত হেজাৰ পৰ্যটকে দৰ্শন কৰে।

কৰ’ণাৰ ভয়াবহতাৰ মাজত যোৱা ২১ অক্টোবৰত কভিড প্ৰট’কল মানি পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বিশ্বজুৰি বিভিষিকাৰ সৃষ্টি কৰা কৰ’ণাৰ আশংকাৰ মাজত আৰম্ভ কৰা ২০২০-২১ পৰ্যটন বৰ্ষই প্ৰথম অৱস্থাত গভীৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছিল ৷

কিন্তু সময় বাগৰাৰ লগে লগে পৰ্যটন ক্ষেত্ৰখনত নতুনত্ব আনি থলুৱা পৰ্যটকে ভিৰ কৰিলেহি কাজিৰঙাত ৷য’ত ৩১ মাৰ্চলৈকে এক লাখ পঁচিশ হাজাৰ পৰ্যটক আগমনৰ আশা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তিনিমাহতে মাহতে লাভ কৰিলে এক লাখ দহ হাজাৰ পৰ্যটক ৷ ৰাজহ সংগ্ৰহৰ পৰিমান দুই কোটি ছয় লাখ টকা ৷আনহাতে বিগত পৰ্যটন বৰ্ষ সমূহত এঘাৰ হাজাৰ বিদেশী পৰ্যটকৰ ঠাইত এইবাৰ কাজিৰঙালৈ আহিল মাত্ৰ ১৭৫ জন ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply